কৰ্তব্য সম্পাদনৰ বাবে আৰক্ষীক ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন আছে : অসম আৰক্ষী দিৱসত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক

Police Day

শিৱসাগৰত অসম আৰক্ষী দিৱসৰ কাৰ্য্যসূচীৰ এটা দৃশ্য।

“চুৰি-ডকাইতিৰ দৰে অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ অৰ্থে শিৱসাগৰ নগৰৰ তিনিআলি, চাৰিআলি, পৌৰ এলেকাৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত চি চি কেমেৰা স্থাপন কৰা অতি প্ৰয়োজন। পৌৰসভাই নগৰত চি চি কেমেৰা স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ সহযোগিতা আগ বঢ়াব।” আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত অসম আৰক্ষী দিৱসত উপস্থিত থাকি এইদৰে মন্তব্য জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

এই বিষয়ত উদাহৰণ দাঙি ধৰি তেওঁ কয় যে চুৰাটৰ দৰে উন্নত চহৰত চি চি কেমেৰাৰ জৰিয়তে যি কোনো অপৰাধ নিয়ন্ত্ৰণ কৰাত সম্ভৱ হৈছে। আনহাতে শিৱসাগৰৰ দৰে চহৰত অপৰাধমূলক কাৰ্য বৃদ্ধি পোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ কয়।

একেদৰে সুৰা, জুৱা, ড্ৰাগছ আৰু বাইক ষ্টাণ্টৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে ৰাজহুৱা স্থান আৰু শিক্ষানুষ্ঠান আদিত ব্যাপক সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰাংগণতো আজি অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ পিছত পতাকা উত্তোলন কৰে। আৰক্ষী দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে কয় যে ১৯৫১ চনত পি কে চৌধুৰীয়ে আই জি হিচাপে যোগদান কৰাৰ পাছৰে পৰা আজিৰ দিনটোত অসম আৰক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে।

অসম আৰক্ষীয়ে কোনো ধৰণৰ আপোচ নকৰাকৈ নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে। আৰক্ষীয়ে জনগণৰ হিতাৰ্থেই দায়িত্ব পালন কৰে। কিন্তু আৰক্ষীৰ সফলতা-বিফলতা ৰাইজে নিৰ্ণয় কৰিব। আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰণকে ধৰি বিভিন্ন ধৰণৰ কৰ্তব্য সম্পাদন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ আকুণ্ঠ সহযোগিতাৰ প্ৰয়োজন আছে বুলি সোণোৱালে মন্তব্য কৰে।

ইয়াৰ পাছতেই আৰক্ষী অধীক্ষকগৰাকীয়ে উপস্থিত আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলক সংকল্প বাক্য পাঠ কৰোৱায়।

সভাত সমাজকৰ্মী পোনাৰাম মিলি, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত,  অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) বলীন দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ৰবীন সিং, উপ-আৰক্ষী অধীক্ষক (সদৰ) প্ৰফুল্ল সোণোৱাল, শিৱসাগৰ প্ৰাক্তন পৌৰপতি ৰাণা খান,  শংকৰ আগৰৱালা, শিৱসাগৰ চৰকাৰী হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ হকিকুৰ ৰহমান, জাৰ্নেলিষ্ট এছ’’চিয়েশ্যন অব আসামৰ উপ-সভাপতি মনিৰুল ইছলাম বড়া, অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক আনোৱাৰ হুছেইনকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগ বঢ়ায়।