NORTHEAST NOW (Assamese)

নীলোৎপল, অভিজিৎ হত্যাকাণ্ডৰ অভিযোগনামা ৫ ছেপ্তেম্বৰৰ পূৰ্বে দাখিল কৰিবলৈ সাজু আৰক্ষী

August 28, 2018 12:41 pm · এন ই নাও নিউজ

সমগ্ৰ ৰাজ্য তথা দেশ কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত নীলোৎপল দাস আৰু অভিজিৎ নাথৰ নিৰ্মম হত্যাকাণ্ড গোচৰৰ তদন্ত সম্পূৰ্ণ হৈছে। ইয়াৰ লগতে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোচৰৰ মূল অভিযুক্তকে ধৰি সংশ্লিষ্ট সকলো অভিযুক্তৰে ম’বাইলৰ বিতং কল ৰেকৰ্ডছ আৰু যাৱতীয় ফৰেণছিক পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে তদন্তকাৰী বিষয়াই লাভ কৰিছে। আৰক্ষীয়ে এতিয়া কেইদিনমানৰ ভিতৰতে অভিযোগনামাখন দাখিল কৰিব পৰাকৈ চূড়ান্ত কৰিছে।

সূত্ৰসমূহে জানিব দিয়া মতে মূল অভিযুক্ত আলফাজ’ছ টিমুং ওৰফে আলফাকে ধৰি মুঠ ৪৮জন কাৰাবন্দী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰা হৈছে। গোচৰটোৰ অভিযুক্তসকলৰ প্ৰথমজনক গ্ৰেপ্তাৰ কৰা অহা ৫ ছেপ্টেম্বৰত ৯০ দিন সম্পূৰ্ণ হ’ব। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো নিশ্চিত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে  উক্ত ঘটনা সন্দৰ্ভত এখন নিজাববীয়া জনস্বাৰ্থজড়িত আবেদনৰ লগতে এগৰাকী অধিবক্তাই দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিলৰ বাবে যোৱা ১৬ আগষ্টত পুনৰবাৰ সকীয়াই দিছিল।

যোৱা ১৬ আগষ্টৰ শুনানিকালত ফৰেণচিকৰ প্ৰতিবেদন সম্পূৰ্ণ লাভ নকৰাৰ বাবে অভিযোগনামা দাখিল কৰিব পৰা নাই বুলি সদৰী কৰি আদালতৰ পৰা আৰক্ষীয়ে সময় বিচাৰিছিল। আদালতে ৩ ছেপ্টেম্বৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি আৰক্ষীক ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

Related News