• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগ আমছুৰ

ইয়াছিন আলী by ইয়াছিন আলী
August 28, 2018 1:10 pm
1889141_AAMSU

প্রতিনিধিত্বমূলক চিত্র

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি প্রস্তুতকৰণৰ কাম চলি থকাৰ সময়তে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি বিভিন্ন সংখ্যালঘু লোকক ডি ভোটাৰ সজাই অমানৱীয় বাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে।

এক প্ৰেছ বিজ্ঞপ্তিত আমছুৱে স্পষ্ট ৰূপত উল্লেখ কৰি কয় যে ১৯৯৭ চনৰ ভোটাৰ তালিকাত ডি ভোটাৰ হিচাপে চিহ্নিত নোহোৱা লাখ লাখ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে ডি-ভোটাৰ তথা সন্দেহজনক নাগৰিকৰ নামত মিছা গোচৰ ৰুজু কৰি বিদেশী ন্যায়াধীকৰণে নির্বিচাৰে জাননী প্রেৰণ কৰি সেই সকল ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

Apply Now

তেওঁলোকে আৰু কয় যে ৭/৮ বছৰীয়া ল’ৰা-ছোৱালীকো সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ জাননী প্রেৰণ কৰিছে। এই ক্ষেত্ৰত গৃহবিভাগৰ দায়িত্বত থকা অসমৰ মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰা নিৰৱতা অৱলম্বনৰ প্ৰতিবাদত যোৱা ইং ২৩ জুলাই, ২০১৮ ইং তাৰিখে সমগ্ৰ অসমতে জিলা আৰু মহকুমা সদৰ ঠাইত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্রতিমূর্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল।

এই কাৰ্যসূচী আমাৰ বিজনী জিলা সমিতি আমছুৱে বিজনীত গণতান্ত্ৰিক পদ্ধতিত ৰূপায়ন কৰাৰ পিছত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন দেউৰীয়ে নিজাববীয়াকৈ আমছুৰ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদ, উপ সভাপতি ৰছুল খান, জিয়াউল ৰহমান সাধাৰণ সম্পাদক জাহেদ আলী, সহঃ সম্পাদক ইনামুল হক, প্ৰচাৰ সম্পাদক আব্দুল জলিলৰ নামত আক্ৰোশমূলকভাৱে গোচৰ তৰে।

আৰক্ষী বিষয়াগৰাকীৰ এনে মইমতালি কাৰ্যক আমছুৱে প্ৰেছ বিক্ষপ্তিখনৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰশাসনে নিজৰ দুৰ্বলতা ঢাকিবলৈ গৈ আমাৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি গণতান্ত্ৰিক সংগ্ৰাম স্থবিৰ কৰাৰ যি অপচেষ্টা চলাইছে সেয়া আমছুয়ে কোনো কাৰণতে মানি ল’ব পৰা নাই।

সমগ্ৰ অসমত একে সময়তে উক্ত কাৰ্যসূচী ৰূপায়িত হৈছে কিন্তু এই কাৰ্যসূচীকলৈ কোনো থানাতে গোচৰ নকৰি একমাত্ৰ বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গোচৰ তৰাত আমছু হতভম্ভ হৈছে বুলিও উল্লেখ কৰে।

আৰক্ষী বিষয়া জনে পূৰ্বতেও সাংবাদিকক ৰাজহুৱা স্থানত দুৰ্ব্যৱহাৰ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা উদাহৰণ আছে। ইয়াৰ পৰা প্ৰমাণ হয় যে বিষয়াজনে নিজৰ ইচ্ছা অনুযায়ী আইন-কানুন ব্যৱহাৰ কৰি নিজকে তথাকথিত দক্ষ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে।

সংগঠনটোৱে বিজ্ঞপ্তিৰ জৰিয়তে উক্ত আৰক্ষী বিষয়াৰ মইমতালি অতি শীঘ্ৰে নাকি লগাবলৈ ৰাজ্যৰ ডিজিপিক আহ্বান জনায়। অন্যথা এই কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমছু বাধ্য হ’ব।

সংখ্যালঘু ৰাইজৰ অধিকাৰ কোনোবাই খৰ্ব কৰিব আৰু আমছুয়ে হাত সাবটি বহি থাকিব সেইটো কোনোপধ্যেই হ’ব নোৱাৰে। অনাগত দিনত সংখ্যালঘু ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক সংগ্ৰাম বিগত দিনতকৈ তিনিগুন বৃদ্ধি পাব বুলিহে এই বিবৃতিৰ জৰিয়তে আমছুৱে ষ্পষ্ট কৰি দিয়ে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd