NORTHEAST NOW (Assamese)

মুন্দ্ৰা বন্দৰত প্ৰায় ৩৫০ কোটি টকা মূল্যৰ হেৰোইন জব্দ

July 13, 2022 4:02 pm · এন ই নাও নিউজ,গুৱাহাটী

পুনৰ নিচাযুক্ত দ্ৰব্য জব্দ হ’ল গুজৰাটৰ মুন্দ্ৰা বন্দৰত। গুজৰাটৰ এটিএছে কচ্ছ জিলাৰ মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কন্টেইনাৰৰ পৰা প্ৰায় ৭৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হয়। চৰকাৰী ভাবে প্ৰকাশ কৰা তথ্য অনুসৰি এই হেৰোইন খিনিৰ মূল্য ৩৫০ কোটি টকাতকৈও অধিক হ’ব। হেৰোইনৰ সন্ধানত অভিযান এতিয়াও চলি আছে। জব্দ কৰা নিষিদ্ধ হেৰোইনৰ পৰিমাণ আৰু মূল্য বৃদ্ধি হ’ব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত এ.টি.এছ.-ৰ এটা দলে এখন জাহাজৰ কণ্টেইনাৰত তন্নতন্ন কৈ তালাচী চলাইছিল। সেই তালাচীৰ সময়তে বৃহৎ পৰিমাণৰ হেৰোইন খিনি জব্দ হয়। জাহাজ খন বিদেশৰ পৰা আহিছিল ।এ.টি.এছ.-এ কাৰ্গোত লুকুৱাই থোৱা প্ৰায় ৭৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও হেৰোইন খিনি কোনে ভাৰতলৈ আনিছিল সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰত দুটা কণ্টেইনাৰৰ পৰা প্ৰায় ৩,০০০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। সেই নিচাযুক্ত দ্ৰব্য খিনি আফগানিস্তানত উৎপন্ন হৈছিল আৰু বিশ্বৰ বজাৰত ইয়াৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল। চলিত বছৰৰ মে’ মাহত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা প্ৰায় ৫০০ কোটি টকা মূল্যৰ ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল। এপ্ৰিলত ডিআৰআইয়ে কচ্ছৰ কান্দলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা ১,৪৩৯ কোটি টকাৰ ২০৫.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল।

Related News