ঐতিহাসিক জেমছ্ ৱেব দূৰবীক্ষণ যন্ত্ৰৰ ঐতিহাসিক আলোকচিত্ৰ

ঐতিহাসিক জেমছ্ ৱেব দূৰবীক্ষণ যন্ত্ৰই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থাৰ আলোকচিত্ৰ অতি সময়তে সফলভাৱে আৰু স্পষ্টকৈ ধৰি পৃথিৱীলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ৱেবে প্ৰত্যক্ষ কৰা Stephan’s Quintet হৈছে প্ৰৱহমান বিৱৰ্তনৰ পথত নৃত্যৰতা ৫ খন তাৰকাৰাজ্যৰ মহাজাগতিক মহামিলনৰ এক প্ৰতিচ্ছবি।
পৃথিৱীৰ পৰা ৭৬০০ আলোকবৰ্ষ দুৰত্বত থকা Carina নেবুলাৰ অন্তৰ্গত NGC 3324 নামৰ মহাজাগতিক গেছৰ ডাৱৰেৰে পৰিপূৰ্ণ অঞ্চলটি তৰাৰ জন্মস্থান।
এই ডাৱৰ ফালি অহা অৱলোহিত বিকিৰণক ধৰা পেলাবলৈ সক্ষম হোৱা ৱেবে পূৰ্বতে নেদেখা বহু কেচুৱা তৰাই দুৰন্ত ৰূপত কৈশোৰ আৰু যৌৱন প্ৰাপ্ত হোৱা প্ৰত্যক্ষ কৰিছে।
এই ডাৱৰৰ কেন্দ্ৰভাগত থকা নতুনকৈ যৌৱন প্ৰাপ্ত তৰাৰ পৰা নিৰ্গত অতি খঙাল আৰু উগ্ৰ ৰূপ বিশিষ্ট UV বিকিৰণ আৰু সৌৰ ধুমুহাই প্ৰচণ্ড বেগেৰে সৈতে অভ্যন্তৰৰ পৰা বাহিৰলৈ ওলাই আহি স্বৰ্ণখচিত পৰ্বতৰ শৃংগ(peaks) সদৃশ কেতবোৰ গঠন সৃষ্টি কৰাৰ দৃশ্য ৱেবৰ কেমেৰাত খোদিত হৈছে।




(মূল কথাংশ কমলনয়ন মিশ্ৰৰ ফেচবুক পোষ্টৰ পৰা সংগ্ৰহ কৰা হৈছে।)