DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেঙেৰীত ৮ লাখ টকাৰ ড্ৰাগছ জব্দ, আশাকৰ্মীসহ ৫ জনক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 9, 2020 10:58 am
পেঙেৰীত ৮ লাখ টকাৰ  ড্ৰাগছ জব্দ, আশাকৰ্মীসহ ৫ জনক আটক

ফটো : নৰ্থ-ইষ্ট নাও

705
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে ৫ জন লোকক আটক কৰিছে।

উল্লেখ্য গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্ণিছ পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ড্ৰাগছখিনি জব্দ কৰে।

আৰক্ষীয়ে ক্ৰেতাৰ ভাৱত ডেৰ লাখ টকাৰ বিনিময়ত ড্ৰাগছ ক্ৰয় কৰি হাতে-লোতে ধৰাৰ ব্লু- প্ৰিণ্ট ৰচে।

ড্ৰাগছ মাফিয়াৰ দলে ক্ৰেতাৰূপী আৰক্ষীৰ দলটোক নতুন গ্ৰাহক হোৱাৰ বাবে বৃহস্পতিবাৰৰ পুৱাৰ ভাগৰ পৰাই কেইবা ঠাইলৈ দৌৰাই অৱশেষত পেঙেৰীত লেনদেনৰ বাবে ৰয়গৈ।

আৰক্ষী পক্ষৰ ক্ৰেতাজনে ড্ৰাগছ ক্ৰয়ৰ বাবে লৈ যোৱা টকাখিনি গণনা কৰি থকা সময়তেই বৰডুমচাৰ পৰা লাৰ্ণিছ পেগুৰ নেতৃত্বত অহা আৰক্ষীৰ দল আৰু মাৰ্ঘেৰিটাৰ পৰা অহা মহকুমা আৰক্ষী বিষয়াৰ দলে পেঙেৰীৰ পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তী পেঙেৰী- বৰডুমচা পথত এগৰাকী যুৱতীসহ ৪ জন লোক অহা ৰূপালী ৰঙৰ এ এছ ২৩ জি ৯৭৫৬৫ নম্বৰৰ মাৰুটি এল্ট’ খন আগভেটি ধৰে।

ধৃত ড্ৰাগছ মাফিয়া তথা আশা কৰ্মী কঁ‌ঠালগুৰি নিৱাসী ব্ৰজেন বৰুৱাৰ পত্নী ৰেখা বৰুৱা (৪০)সহ তেওঁৰ পুত্ৰ লক্ষ্যজিৎ বৰুৱা (১৯), বৰডুমচাৰ ২ নং মহঙৰ জগত দেউৰীৰ পুত্ৰ ভূপেন দেউৰী (৪৪), ইনথেমৰ প্ৰফুল্ল গিদিঙৰ পুত্ৰ মহেশ চিংফৌ (২৭) আৰু কঁ‌ঠালগুৰিৰ এজন নাৱালকৰ জিম্মাৰ পৰা দুটা টোপোলাত থকা প্ৰায় ২৭ গ্ৰাম ওজনৰ ‘হিৰ’ইন’ জব্দ কৰে।

ইয়াৰে লক্ষ্যজিৎ বৰুৱা  পেঙেৰী চাৰি আলিত ৰৈ থকাৰ পাছত ঘটনাক্ৰমে আৰক্ষীৰ জালত পৰে।

জানিব পৰা মতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা আৰু ইয়াৰ মূল্য ‘ব্ৰাউন ছুগাৰৰ মূল্যৰ দুগুণতকৈও অধিক।

হিৰ’ইনৰ টোপোলাটোৰ উপৰি এটা মোবাইল হেণ্ডছেট আৰু মাৰুতি এল্ট’খন জব্দ কৰি আৰক্ষীৰ দল ধৃত ৰেখাৰ কঁ‌ঠালগুৰিস্থিত বাসগৃহলৈ ৰাওনা হয়।

লেডী ড্ৰাগছ মাফিয়া ৰেখাক মাৰাথান জেৰা কৰিলে অধিক ড্ৰাগছ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে আশা কৰ্মী ৰেখা বৰুৱা দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ বেহাৰে জড়িত থকাৰ অভিযোগ আছে। অভিযোগ অনুসৰি আশাকৰ্মী ৰেখাই আনকি ১০৮ বাহনেৰেও ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।

Recent News

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd