শিৱসাগৰত বৃহস্পতিবাৰে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ এক খবৰৰ ভিত্তিত জিলা পৰিবহন বিভাগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আকস্মিক অভিযান চলাই এখন পশুধন ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
বৃহস্পতিবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৰিকাপাৰত শিৱসাগৰ জিলাৰ পৰিবহন বিভাগৰ পৰিদৰ্শক প্ৰৱত্তক পদুম ভৰালীৰ নেতৃত্বত যোৱা এটা দলে এ এচ ২৩ বি চি ৫২৯৯ নম্বৰৰ চৈধ্য চকাৰ ট্ৰাকত ৩৪ টা গৰু লৈ শিৱসাগৰৰ দিশে আহি থকাত জব্দ কৰে গাড়ী খন।
ইফালে আৰক্ষীৰ জেৰাত গাড়ীখনৰ চালকজনে পশুধনভৰ্তী বাহনখন শদিয়াৰ পৰা ধুবুৰীলৈ লৈ যোৱাৰ পৰিকল্পনা ৰচিছিল বুলি প্ৰকাশ কৰে। ইয়াৰ পাছতে জব্দকৃত গাড়ীখনৰ নথি-পত্ৰ পৰীক্ষাৰ বাবে আৰক্ষীৰ অভিযানকাৰী দলটোৱে গাড়ীখন পৰিবহন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।
উল্লেখ্য যে গাড়ীখনৰ নথি-পত্ৰ পৰীক্ষা কৰি থকাৰ মাজতে চালকজন অতি কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চালকজনৰ পলায়নে নিশ্চিত কৰিছে যে চোৰাংভাৱে পশুধন কেইটা লৈ অনা হৈছিল। পিছত পশুধন কেইটা চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি নাজিৰাত থকা গৌশালা লৈ প্ৰেৰণ কৰা হয়।
আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি দীপ দত্ত, উপ-সভাপতি বিপুল কলিতা, সাধাৰণ সম্পাদক অভিনৱ বৰুৱাৰ লগতে ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰ জিলাৰ সভাপতি নৱজ্যোতি শৰ্মা আৰু মিৰঞ্জীত দত্তৰ তৎপৰতাত জব্দ হয় ৩৪ টা চুৰি পশুধন।
স্মৰ্তব্য যে কিছুদিন ধৰি শিৱসাগৰ নগৰত এক কুখ্যাত গৰু চোৰ চক্ৰই নিশাৰ ভাগত গাড়ীৰ ভিতৰত সোমোৱাই গৰু চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপিত হৈ আছিল। ইয়াৰে ইতিমধ্যে চাৰিটা গৰু চোৰক আৰক্ষীয়ে ৰাইজৰ সহায়ত আটক কৰিবলৈ সক্ষম হৈছিল। নগৰখনত সংঘটিত এই গৰু চুৰি কার্য উৎখাত কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীৰ ওচৰত দাবী জনাইছে।