• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পুলিচ ৰাষ্ট্ৰ, মানৱীয় মৰ্যাদা ইত্যাদি

 প্ৰফুল্ল নাথ by প্ৰফুল্ল নাথ
May 30, 2020 5:49 pm
s1.reutersmedia.net

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কেইটামান ঘটনা-

দুদিনমান আগেয়ে চিৰাঙ জিলাৰ আমগুৰি থানাৰ ভাৰাপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত যোৱা টহলদাৰী আৰক্ষীৰ এটা দলে ভাৰত-ভূটান সীমান্তৰ আমটেকা নামৰ ঠাইখনৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰ্মৰত এজন চিকিৎসক তথা স্বাস্থ্যকেন্দ্ৰটোৰ অন্য কেইজনমান কৰ্মচাৰীক মাস্ক নিপিন্ধাৰ বাবে প্ৰথমে তুচ্ছ-তাচিল্য কৰে আৰু শাৰিৰীকভাৱে অপদস্থ কৰে। তাৰোপৰি তেওঁলোকক সামাজিক স্থানত আঠুকঢ়াই এই অক্ষমনীয় অপৰাধৰ বাবে শাস্তি বিহে। অৱশ্যে ভাৰাপ্ৰাপ্ত বিষয়াজনক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰা হয়।  (উৎস- আমাৰ অসম ২৬ মে’, ২০২০ আৰু বিভিন্ন বৈদ্যুতিন মাধ্যমত প্ৰকাশিত বাতৰি)।

Apply Now

মধ্যপ্ৰদেশ-

মধ্যপ্ৰদেশৰ লধিখেড়া থানাৰ অন্তৰ্গত পিপলা নাৰায়াণৱাৰ গাঁও যিখন এখন আদিবাসী অধ্যুষিত অঞ্চল; সেই ঠাইত দুজন পুলিচে এজন মানুহক মৰিয়াই মৰিয়াই অচেতন কৰি পেলোৱা এটা ভিডিঅ’ ব্যাপকভাৱে সামাজিক মাধ্যমত প্ৰচাৰ হয়। (উৎস https://thewire.in/rights/madhya-pradesh-video-police-beating-manhttps://thewire.in/rights/madhya-pradesh-video-police-beating-man)। পিছত দুয়োজন বিষয়াকে নিলম্বন কৰা হয়।

শোণিতপুৰ-

মিছামাৰী থানাৰ ভাৰাপ্ৰাপ্ত বিষয়াগৰাকীয়ে ল’কডাউন ভঙাৰ বাবে কেইজনমান যুৱকক ৰাজহুৱাকৈ শাস্তি দি (আঠুকঢ়ায়) তাৰ ভিডিঅ’ লৈ নিজৰ ফেচবুক পেজত আপলোড কৰে। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি মতে বিষয়াগৰাকীয়ে প্ৰায় তিনিটাকৈ তেনে ভিডিঅ’ নিজা ফেছবুক পেজত আপলোড কৰিছিল। (উৎসhttps://timesofindia.indiatimes.com/city/guwahati/sonitpur-cop-suspended-for-uploading-video-of-police-action/articleshow/75373126.cms)।

অন্ধ্ৰপ্ৰদেশ-

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত পুলিচে এজন চিকিৎসকক পিছফালে দুহাত বান্ধি কঁকালত ৰচিৰে মেৰিয়াই অৰ্ধ উলংগ কৰি ৰাজপথত খোজকঢ়োৱাৰ দৃশ্য চ’ছিয়েল মাধ্যমত ভাইৰেল হয়। অভিযোগমতে পুলিচে নিজেই কেইবাটাও ভিডিঅ’ ৰেকৰ্ডিং কৰে (উৎস-https://www.ndtv.com/andhra-pradesh-news/andhra-pradesh-after-doctor-stripped-to-waist-hands-tied-in-andhra-policeman-suspended-2230442)। পিছত ছিকিৎসকজনক মানসিক বিকাৰগ্ৰস্ত বুলি প্ৰচাৰ কৰি হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। অভিযোগমতে চিকিৎসকজনে নিম্নমানৰ পিপিই কিট সম্পৰ্কে নিজা মন্তব্য দিছিল।

অসমৰ অন্য এটা ঘটনা-

অসমৰ এজন চিকৎসকে নিম্নমানৰ পিপিই কিট সম্পৰ্কে নিজা মন্তব্য দিওঁতে পুলিচে তেওঁৰ পুৰণি ফেইচবুক প’ষ্ট খুচৰি CAA বিৰোধী আন্দোলনত তেওঁৰ ভূমিকা সম্পৰ্কত তলব কৰে।

যোৱা দুমাহতকৈ অধিক ল’কডাউনৰ এই সময়ছোৱাত সমগ্ৰ ভাৰতজুৰি হোৱা এনে ঘটনাসমূহৰ তালিকা কেৱল এইখনেই নহয়। আপোনাৰ গাঁৱৰ,  মফচলৰ বা আপোনাৰ বন্ধু পৰিয়ালৰ হয়তো কোনোবা ল’কডাউনৰ সময়ছোৱাত পুলিচী আতিশৰ্য্যৰ সন্মুখীন হৈছে, যাৰ হয়তো একাংশ টিভি বা চ’ছিয়েল মিডিয়াত প্ৰকাশ পাইছে আৰু বহু ঘটনাই ৰিপ’ৰ্ট নোহোৱাকৈ থাকি গৈছে। আত্ম-মৰ্যাদা হানি কৰিব পৰা পুলিচী নিৰ্যাতনৰ এনে ঘটনাতকৈ বেছি লক্ষ-লক্ষ ঘটনা পূৰ্বতেও সংঘটিত হৈছে আৰু ল’কডাউনৰ সময়ছোৱাত বিভিন্ন কাম বা অনাহকত বাহিৰলৈ ওলাই অহা লোকক লাঠিৰে কোবোৱা (যাক জনপ্ৰিয়ভাৱে অসমত টিকাকৰণ বুলি কোৱা হৈছে), আঠুকঢ়াই থোৱা ইত্যাদিবোৰ দৃশ্য টিভি বা চ’ছিয়েল মিডিয়াত সুলভ হৈ পৰিছে। অৱশ্যে ইয়াৰ মাজতে আমি কিছু সংবেদনশীল পুলিচ বিষয়োকো দেখিছিলো।

এনেবোৰ ঘটনাক আমি সমাজতাত্বিকভাৱে কিদৰে বিশ্লেষণ কৰিম বা যিসকল লোক নিগৃহীত হৈছে তেওঁলোকৰ ওপৰত মনোবৈজ্ঞানিক প্ৰভাৱ কেনে সেইবোৰৰ নিশ্চয় অধ্যয়ন ভৱিষ্যতে হ’ব। কিন্তু এই যে লাঠিৰে কোবাই, আঠুকঢ়াই ভিডিঅ’ কৰি তাক প্ৰচাৰ কৰাৰ যি বন্য উল্লাস প্ৰদৰ্শন কৰা হৈছে, সেই উল্লাসে দেশখনক এক পুলিচী ৰাষ্ট্ৰলৈ পৰিৱৰ্তনৰ দিশে লৈ গৈছে নেকি? আমি মনত ৰখা ভাল ভাৰতৰ পুলিচ ব্যৱস্থাটো ঔপনিৱেশিক ব্যৱস্থাৰ অংশ। সেয়ে যিদৰে আমি অন্য যিকোনো চৰকাৰী কাৰ্যালয় এটালৈ যাওঁতে যাবলৈ ইতহস্তঃ নকৰো, কিন্তু পুলিচ থানাখনক বহুতেই সাধাৰণভাৱে অন্য এটা চৰকাৰী কাৰ্যালয়ৰ দৰে নাভাবো বা তালৈ যাবলৈকো আফচোচ কৰো। অৱশ্যে স্বাধীনতাৰ পিছত আৰক্ষী সংস্কাৰ বহুখিনি হৈছে আৰু থানাতো মানৱ অধিকাৰ বিষয়ক ছাইনব’ৰ্ড আজিৰ দিনত ওলোমাই থোৱা দেখা যায়।

জ্যা আমেৰি (Jean Amery) নামৰ লেখক, দাৰ্শনিক তথা নাজী জামাৰ্নীৰ অত্যাচাৰ আৰু প্ৰলয় (holocaust) সহি জীৱন ৰক্ষা পোৱা ব্যক্তিজনে ১৯৭৮ চনত আত্মহত্যা কৰে। ১৯১২ চনত ভিয়েনাত জন্ম হোৱা আমেৰিয়ে, অষ্ট্ৰিয়া জাৰ্মানীযে দখল কৰাৰ পাছত বেলজিয়ামলৈ যায়। বেলজিয়ামৰ পৰা ফ্ৰান্সলৈ ১৯৪০ চনত নিৰ্বাসন দিয়া আমেৰি ১৯৪১ চনত পুনৰ বেলজিয়ামলৈ ঘূৰি আহি নাজী প্ৰতিৰোধ আন্দোলনত যোগ দিয়ে। ১৯৪৩ চনত আমেৰিক নাজীবিৰোধী লিফলেট বিলোৱা কাৰ্যত ধৰা পৰাত নাজী জাৰ্মানীৰ চোৰাংচোৱা পুলিচ বাহিনীয়ে (gestapo) গ্ৰেপ্তাৰ কৰি ব্ৰিনডঙ্ক কাৰাগাৰত ৰাখে আৰু তাতেই তেওঁৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলায়। পিছত তেওঁক অচৱিটজ্‌লৈ লৈ যোৱা হয়, য’ত তেওঁ এবছৰ মান কটায়। ১৯৪৫ চনত তেওঁ কাৰাগাৰৰ পৰা ওলোৱাৰ আগেয়ে ৰাছিয়ান বাহিনীয়ে পোলেণ্ড অধিকাৰ কৰাৰ বাবে তেওঁৰ কাৰাগাৰৰ ঠিকনা দুবাৰকৈ সলনি হয়।

আমেৰিৰ প্ৰসংগ আজি কিয় জৰুৰী ? নাজী জাৰ্মানীৰ দৰে নহ’লেও ৯০ৰ দশকৰ পৰাই সন্ত্ৰাসবাদ দমনৰ নামত উত্তৰ পূৰ্বাঞ্চল তথা কাশ্মীৰৰ সাধাৰণ জনতাই পুলিচ-মিলিটাৰীৰ হাতত যথেষ্ঠ লাঞ্চনা (হত্যা-হিংসা, ধৰ্ষণ) সহিবলগা হৈছে। ছপা আখৰত থাকি যোৱা সেই সময়ৰ বহু কাহিনী অথবা উন্মোচিত নোহোৱা বহু এনে অত্যাচাৰৰ কাহিনী মানুহৰ স্মৃতিতে ৰৈ গৈছে। ফ’টো উঠোৱা, ভিডিঅ’ বনোৱা আদিবোৰ আজিৰ সময়ত সুলভ আৰু তাৰ প্ৰচাৰ আৰু প্ৰসাৰো চ’ছিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক। ল’কডাউনৰ পূৰ্বেও আমি মাজে-মাজে পুলিচী অত্যাচাৰৰ ভিডিঅ’ দেখিছো যদিও ল’কডাউনৰ সময়ছোৱাত পূৰ্বৰ সকলো সীমা চেৰাই যোৱা দেখা গ’ল, কাৰণ তাৰ পেৰ্টানবোৰ একে আৰু ই ভাৰতৰ কেৱল এখন বা দুখন ঠাইত হোৱা নাই, সমগ্ৰ ভাৰতৰ সকলো ৰাজ্যতে হোৱা আমি দেখিছো।

আমেৰিয়ে নাজী জেইলত তেওঁ পোৱা অত্যাচাৰবোৰক একধৰণে সুত্ৰায়ণ কৰিছে তেওঁৰ At the Mind’s Limits: Contemplations by a Survivor on Auschwitz and Its Realities নামৰ কিতাপখনত। অত্যাচাৰ পোৱা মানৱ শৰীৰ এটাই কেৱল শাৰীৰিক কষ্টই নাপায় একধৰণৰ মানসিক ভয় বা ট্ৰমাও (trauma) পায়। সেই traumaৰ পৰা মুক্তি সম্ভৱনে ? অত্যাচাৰ পোৱাৰ পিছত যি অত্যাচাৰে তেওঁৰ মানুহ হিচাপে জীয়াই থকাৰ মৌলিক মৰ্যাদাকেই আঘাত কৰিছে সেই মৰ্যাদা ঘূৰাই পোৱা সম্ভৱনে ? Torture শীৰ্ষক গ্ৰন্থখনত সন্নিবিষ্ট ৰচনাখনত তেওঁ নিজে গেষ্টাপ’ৰ পোৱা অত্যাচাৰক সূত্ৰায়ণ কৰি কৈছে যে – জীয়াই থকাৰ সংগ্ৰামৰ দৰে, আনৰ পৰা বিপদৰ সময়ত সহায় আশা কৰাটো মানুহৰ এক স্বভাৱজাত প্ৰবৃত্তি। বিভিন্ন শাৰীৰিক আঘাটত বা অশান্তিত যেনে মাকে ল’ৰা-ছোৱালীক এগিলাছ গৰম পানী বা চাহ, চিকিৎসকে ঔষধ বা যুদ্ধক্ষেত্ৰতো ৰেড ক্ৰছ আদিয়ে সহায়ৰ হাত আগবঢ়ায়। এনেবোৰ প্ৰেক্ষাপটত এটা দুখক আনটোৰ সহায়ৰ দ্বাৰা প্ৰশমন কৰা হয়। কিন্তু এজন আৰক্ষীৰ পৰা অহা প্ৰথম ঘোচাটো যিটোৰ বিৰুদ্ধে কোনো প্ৰতিৰোধ নাই বা কোনোধৰণৰ সহায়ৰ হাত নাই তেতিয়াই আমাৰ জীৱনৰ এটা অংশ শেষ হৈ যায় আৰু জীৱনত মানুহৰ মৰ্যাদাৰ সেই হেৰাই যোৱা অংশটো আৰু কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰি। নাজী কেম্পত নিজে পোৱা অত্যাচাৰৰ অভিজ্ঞতাৰ পৰা আমেৰিয়ে কৈছে যে অত্যাচাৰৰ পৰা পোৱা শাৰীৰিক কষ্ট আদিৰ পৰা জয়ী হ’ব পাৰিলেও তেওঁ নিজা শৰীৰটো আগৰ দৰে আৰু হৈ নাথাকে। তেওঁ কৈছে, ”যি ব্যক্তিয়েই এবাৰ অত্যাচাৰৰ সহিছে তেওঁ কাহানিও পৃথিৱীখনত এক ঘৰুৱা পৰিৱেশ অনুভৱ নকৰে। বিনাশৰ লজ্জাক কেতিয়াও মোহাৰি দিব নোৱাৰি। প্ৰথম ধুমুহাত পৃথিৱীখনৰ প্ৰতি থকা বিশ্বাস আংশিকভাৱে খহি পৰাৰ পিছত, অত্যাচাৰে (torture]) সেই বিশ্বাস সমুলেঞ্চ শেষ কৰে আৰু তাক পুনৰাই কেতিয়াও ঘূৰাই আনিব নোৱাৰি।” আমেৰিৰ বিশ্লেষণ বা সূত্ৰায়ণসমূহ প্ৰয়োজনীয় এইকাৰণেই যে তেওঁ নিজেও নাজী পুলিচৰ হাতত অত্যাচাৰৰ চিকাৰ হৈছিল। মানৱীয় প্ৰমূল্য বা মৰ্যাদা একধৰণে  subjective হ’লেও ই এক বিশ্বজনীন ধাৰণা। আৰু নাজী জাৰ্মানীয়ে সেই মানুহ হিচাপে থাকিব লগা মানৱীয় মৰ্যাদাক আঘাত কৰিছিল। মৰ্যাদা মানুহৰ জীৱনৰ এক অধিকাৰ যি প্ৰত্যেক মানুহে জন্মৰ লগে-লগে পায়, যাক হানি কৰাৰ অধিকাৰ কাৰোৰে নাই। অৱশ্যেই আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত আইন শৃংখলা অটুট ৰক্ষাৰ স্বাৰ্থত বহুসময়ত পুলিচ নিজেই আইন, আদালত আৰু বিচাৰক হৈ পৰাৰ উদাহৰণ অলেখ আছে। আৰক্ষী ব্যৱস্থাটো সমাজৰ বাহিৰৰ এক অংশ বুলি যদি তেওঁলোকে মানি লৈ নিজৰ ইচ্ছামতে বা ৰাষ্ট্ৰ বা কোনো চৰকাৰৰ নিদেৰ্শত সাধাৰণ জনতাৰ ওপৰত আইন শৃংখলা ৰক্ষাৰ নামত মানুহৰ মৰ্যাদাক আঘাত কৰি থাকে তেনে ব্যৱস্থাৰ দ্বাৰা তেওঁলোক সমানেই ক্ষতিগ্ৰস্ত হ’ব। আমি লক্ষ্য কৰিছো CAA বিৰুধী আন্দোলনত জড়িত হোৱাৰ বাবে পুলিচে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজনমান নেতাৰ বিৰুদ্ধে কিদৰে এটাৰ পিছত এটাকৈ গোচৰ জাপি দিছে। একেটা কথাই আমি দিল্লী বা উত্তৰ প্ৰদেশতো দেখিছো। আমি পুনৰ কওঁ পুলিচ ৰাষ্ট্ৰ এখনৰ পৰা বিপদ কেৱল সাধাৰণ ৰাইজৰেই নহয় পুলিচৰ নিজৰ বাবেও বিপজ্জনক, কাৰণ সেই ব্যৱস্থাত তেওঁলোক বহতীয়া পুতলাহে, তাত তেওঁলোকৰো নিজা স্বাধীনতা নাথাকে আৰু মানৱীয় মৰ্যাদা প্ৰতি মুহূৰ্তত আঘাতপ্ৰাপ্ত হয়, যি মৰ্যাদা এবাৰ হানি হোৱাৰ পিছত আমেৰিয়ে কোৱাৰ দৰে পুনৰাই উদ্ধাৰ সম্ভৱ নহয়।

 

লেখকৰ ইমেইল:- [email protected]

 প্ৰফুল্ল নাথ

প্ৰফুল্ল নাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd