• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ পৰিদৰ্শকৰ “আত্মহত্যা”: চিচিবৰগাওঁ চকীৰ অ’চিৰ বিৰুদ্ধে গোচৰ, তদন্ত

NE NOW NEWS প্ৰফুল্ল কামান
ধেমাজি , September 3, 2019 6:57 pm

2 min read

Police sub-inspector's suicide: Case registered against Sissiborgaon IC in Assam's Dhemaji

আত্মহত্যা কৰা নিপন নাথ।

1.7k
VIEWS
Share on FacebookShare on Twitter

নিপন নাথ নামৰ আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ “আত্মহত্যা” সন্দৰ্ভত ধেমাজি চিচিবৰগাওঁ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

মৃত নাথৰ পৰিয়ালে ঘটনাটোক “প্ৰৰোচনামূলক” বুলি অভিহিত কৰি ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত গোচৰ তৰিছে।

জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে অভিযুক্ত আৰক্ষী বিষয়াজনক ৰিজাৰ্ভত আবদ্ধ কৰিছে আৰু ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

সহকাৰী আৰক্ষী অধীক্ষকে কৰি থকা ঘটনাটোৰ তদন্ত কেইসপ্তাহমানৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ৰেড্ডিয়ে জনাইছে।

“মই বিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়াজনক চিচিবৰগাওঁ আৰক্ষী চকীৰ পৰা আঁতৰাইছো আৰু মুক্ত আৰু নিৰপেক্ষ তদন্তৰ স্বাৰ্থত তেওঁক পুলিচ ৰিজাৰ্ভত আবদ্ধ কৰা হৈছে।…তদন্তত দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হ’ব,” এছ পি ৰেড্ডিয়ে মঙলবাৰে ধেমাজিত প্ৰকাশ কৰে।

আৰক্ষী বিষয়া বৰকটকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও চিচিবৰগাঁৱৰ স্থানীয় একাংশ লোকে “ক্ষমতাৰ অপব্যৱহাৰ”ৰ অভিযোগ উত্থাপন কৰিছিল।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক ৰেড্ডিক তেওঁলোকে লিখিত আপত্তি দাখিল কৰিছিল।

মৃত নিপন নাথে যোৱা ৩০ আগষ্টৰ পুৱা বিভাগীয় আৱাসত নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই “আত্মহত্যা” কৰিছিল।

কিন্তু নাথৰ পৰিয়ালে ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছিল আৰু তেওঁৰ মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰিছিল।

বৰকটকীৰ স্থানত চিলাপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মানৱেন্দ্ৰ শইকীয়াক চিচিবৰগাওঁ চকীৰ নতুন ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি দিয়া হৈছে।

২০১৭ চনত অসম আৰক্ষীত যোগ দিয়া নাথৰ আচল ঘৰ নলবাৰী জিলাৰ ৰঙিয়াত।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd