অহা ১ ছেপ্টেম্বৰত ডিফু আদালতত ডকমকা কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব। আৰক্ষীয়ে প্ৰায় ৮০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিবৰ বাবে সাজু হৈছে। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জেৱালাই প্ৰস্তুত কৰি উলিয়াইছে এই চাৰ্জশ্বীট।
উল্লেখযোগ্য যে ডকমকাৰ পানজুৰিত একাংশ অন্ধবিশ্বাসী লোকৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাবটি লৈছিল নীলোত্পল দাস আৰু অভিজিত নাথ নামৰ গুৱাহাটীৰ দুজন যুৱকে।
যোৱা ৮ জুনত সংঘটিত হোৱা এই নৃশংস ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪৮ জনক গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোচৰৰ মূল অভিযুক্তকে ধৰি সংশ্লিষ্ট সকলো অভিযুক্তৰে ম’বাইলৰ বিতং কল ৰেকৰ্ডছ আৰু যাৱতীয় ফৰেণছিক পৰীক্ষাৰ প্ৰতিবেদন তদন্তকাৰী বিষয়াই লাভ কৰিছে। আৰক্ষীয়ে এই সকলোবোৰ সামৰি অভিযোগনামাখন দাখিল কৰিবৰ বাবে চূড়ান্ত কৰিছে।
উল্লেখযোগ্য যে মূল অভিযুক্ত আলফাজ’ছ টিমুং ওৰফে আলফাকে ধৰি মুঠ ৪৮জন কাৰাবন্দী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰা হৈছে। গোচৰটোৰ অভিযুক্তসকলৰ প্ৰথমজনক গ্ৰেপ্তাৰ কৰা অহা ৫ ছেপ্টেম্বৰত ৯০ দিন সম্পূৰ্ণ হ’ব। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো নিশ্চিত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।
উল্লেখযোগ্য যে উক্ত ঘটনা সন্দৰ্ভত এখন নিজাববীয়া জনস্বাৰ্থজড়িত আবেদনৰ লগতে এগৰাকী অধিবক্তাই দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিলৰ বাবে যোৱা ১৬ আগষ্টত পুনৰবাৰ সকীয়াই দিছিল।