• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনৈতিক সৌজন্যতাবোধ: এম কে ষ্টালিনক সাক্ষাৎ কৰি আলিংগন, কৰমৰ্দন মুখ্যমন্ত্ৰী বিজয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 6:27 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে সোমবাৰে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগাম চমুকৈ ডিএমকেৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টালিনক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ে শেহতীয়া বিধানসভা নিৰ্বাচনত এক অভূতপূৰ্ব বিজয় সাৱ্যস্ত কৰাৰ পিছত শপত গ্ৰহণ কৰি কালি প্ৰথমবাৰৰ বাবে ষ্টালিনক সাক্ষাৎ কৰিবলৈ যায়। ষ্টালিনৰ সৈতে তেওঁৰ পুত্ৰ উদয়নিধি ষ্টালিনো এই সৌজন্যমূলক সাক্ষাৎকালত উপস্থিত আছিল। চেন্নাইৰ আলৱাৰপেটত থকা ষ্টালিনৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে ডিএমকেৰ মুৰব্বীগৰাকীয়ে বিজয়ক উষ্ম আদৰণি জনায়। এই দৃশ্যত দেখা গৈছিল যে ক’লা চুট পৰিহিত বিজয়ক ষ্টালিনে সাৱটি ধৰি অভিনন্দন জনাইছে আৰু দুয়োগৰাকী নেতাই পৰস্পৰক হাত জোৰ কৰি অভিবাদন জনাইছে।

மாண்புமிகு தமிழ்நாடு முதலமைச்சராகப் பொறுப்பேற்றுள்ள திரு. விஜய் அவர்கள் அரசியல் நாகரிகத்துடன் என்னைச் சந்தித்து வாழ்த்து பெற்றார்.

அவருக்கு என் அன்புநிறை வாழ்த்துகளையும், ஆலோசனைகளையும் வழங்கினேன்.@TVKVijayHQ @Udhaystalin pic.twitter.com/aTmmqpoPtP

— M.K.Stalin – தமிழ்நாட்டை தலைகுனிய விடமாட்டேன் (@mkstalin) May 11, 2026

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত ষ্টালিনৰ সৈতে বিজয়ৰ এয়া আছিল প্ৰথমটো আনুষ্ঠানিক বৈঠক। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই পৰস্পৰক চিল্কৰ চাদৰ আৰু ফুলৰ থোপাৰে সন্মান প্ৰদৰ্শন কৰে। পিছলৈ এম কে ষ্টালিনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে জনায় যে তেওঁ নতুন মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে ৰাজনৈতিক অভিজ্ঞতাৰ পৰা কিছু পৰামৰ্শও আগবঢ়ায়। ষ্টালিনে উল্লেখ কৰে যে বিজয়ৰ এই সাক্ষাৎ এক উন্নত ৰাজনৈতিক সৌজন্যতাৰ নিদৰ্শন আৰু তেওঁ নতুন চৰকাৰখনৰ বাবে শুভকামনা জনাইছে। উল্লেখযোগ্য যে এই বৈঠকৰ কিছু সময় পূৰ্বে ছ’চিয়েল মিডিয়াত বিজয় আৰু উদয়নিধিৰ পুৰণি ফটো ভাইৰেল হৈছিল যদিও নিৰ্বাচনী যুঁজৰ পিছত এতিয়া তেওঁলোকক এক বন্ধুত্বপূৰ্ণ পৰিৱেশত দেখা গৈছে।

Apply Now

অহা ১৩ মে’ত তামিলনাডু বিধানসভাত হ’বলগীয়া গুৰুত্বপূৰ্ণ আস্থা ভোটৰ ঠিক পূৰ্বে এই বৈঠক অনুষ্ঠিত হৈছে। বৰ্তমান সদনত বিজয়ৰ দল টিভিকেৰ ১০৭খন আসন আছে আৰু কংগ্ৰেছ, ভিকিচি, আইইউএমএল তথা বাওঁ দলসমূহৰ সমৰ্থনত তেওঁৰ পক্ষত মুঠ ১২০ জন বিধায়ক আছে। এইটোও লক্ষ্যণীয় যে বিজয়ৰ চৰকাৰক সমৰ্থন কৰা এই মিত্ৰশক্তিৰ দলসমূহ এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত ডিএমকে মিত্ৰজোঁটৰ অংশ হৈ আছে। অৱশ্যে শপত গ্ৰহণৰ পিছতেই বিজয়ে পূৰ্বৰ ডিএমকে চৰকাৰক সমালোচনা কৰি ৰাজ্যখনৰ ১০ লাখ কোটি টকাৰ ঋণৰ বোজাৰ বাবে দোষাৰোপ কৰিছিল আৰু ৰাজ্যখনত একাধিক ক্ষমতাৰ কেন্দ্ৰ থকা বুলি কটাক্ষ কৰিছিল। এনে পৰিস্থিতিৰ মাজতো ষ্টালিন আৰু বিজয়ৰ মাজত হোৱা এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতে ৰাজ্যখনৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd