• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“ৰাজনৈতিক কাৰ্যবাহী সলনি হ’ব, কিন্তু আপোনালোক স্থায়ী”: চিবিআই- ক স্বতন্ত্ৰতা ৰক্ষাৰ আহ্বান মুখ্য ন্যায়াধীশ ৰমনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 4:56 pm
CJI Ramana to CBI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সময়ৰ লগে লগে ৰাজনৈতিক কাৰ্যবাহী সলনি হ’ব। কিন্তু এক প্ৰতিষ্ঠান হিচাপে আপোনালোক স্থায়ী।”— শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৯ সংখ্যক ডিপি কোহলী স্মাৰক বক্তৃতাত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক লক্ষ্য কৰি এই মন্তব্য কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই।

প্ৰাৰম্ভিক পৰ্যায়ত চিবিআইৰ ওপৰত জনসাধাৰণৰ অপৰিসীম বিশ্বাস আছিল যদিও শেহতীয়াকৈ ইয়াৰ বিশ্বাসযোগ্যতা প্ৰশ্নৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে ৰমনাই।

“চিবিআইলৈ তদন্ত স্থানান্তৰৰ বাবে ন্যায়পালিকাত অনুৰোধৰে ভৰি পৰিছিল। কিন্তু, সময় অতিবাহিত হোৱাৰ লগে লগে আন প্ৰতিষ্ঠানসমূহৰ দৰে চিবিআইও আস্থাহীন হৈ আহিছে।ইয়াৰ কাৰ্য্য আৰু নিষ্ক্ৰিয়তাই প্ৰায়ে বিশ্বাসযোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।”- ৰমনাই কয়।

মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে কয় যে আৰক্ষী বিষয়াসকলে অপৰিসীম অসুবিধাৰ সন্মুখীন হয়। ৰাজনৈতিক নেতাসকলৰ দ্বাৰা আৰক্ষীৰ অপব্যৱহাৰ কোনো নতুন বৈশিষ্ট্য নহয়। ব্ৰিটিছ সাম্ৰাজ্যৰ আধিপত্য, বলপূৰ্বক প্ৰয়োগ নীতি এতিয়াও ভাৰতীয় আৰক্ষীৰ স্থায়ী বৈশিষ্ট্য হৈ আছে বুলিও তেওঁ খেদ প্ৰকাশ কৰে।

তেওঁ কয়, “আৰক্ষী আৰু অনুসন্ধানকাৰী সংস্থাকে ধৰি সকলো প্ৰতিষ্ঠানে গণতান্ত্ৰিক মূল্যবোধক বজাই ৰখা আৰু শক্তিশালী কৰাটো অত্যাৱশ্যকীয়। সেয়ে তেওঁলোকে নিৰপেক্ষভাৱে কাম কৰা উচিত আৰু অপৰাধ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া উচিত।”

যিকোনো বিচ্যুতিয়ে প্ৰতিষ্ঠানসমূহক আঘাত কৰিব আৰু আমাৰ গণতন্ত্ৰক দুৰ্বল কৰিব বুলি মন্তব্য কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে আৰক্ষী আৰু তদন্তকাৰী সংস্থা সমূহে কোনো আধিপত্যবাদী প্ৰৱণতাক প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয় বুলি পৰামৰ্শ আগবঢ়ায়।

তেওঁলোকে সংবিধানৰ অধীনত নিৰ্ধাৰিত গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰত কাম কৰি স্বতন্ত্ৰ সংস্থা হিচাপে সেৱা আগবঢ়াব লাগিব বুলি মন্তব্য কৰে ৰমনাই।

মুখ্য ন্যায়াধীশ ৰমনাই লগতে চিবিআই, এছএফআইঅ’, ইডি আৰু এনে ধৰণৰ অন্যান্য সংস্থাক সংযুক্তভাৱে এটা সংস্থাৰ অধীনস্থ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd