• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

নীতি-আদৰ্শহীন ৰাজনীতি! আধুনিক সময়ৰ মিৰজাফৰবোৰ কোন?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 12, 2026 9:19 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশখন ক’লৈ গৈ আছে? বিজেপিতো বিজেপিয়েই, কিন্তু বিজেপি বাদ দি বাকী ৰাজনৈতিক শ্ৰেণীটোৱে কি কৰি আছে? পশ্চিমবংগত নিৰ্বাচনৰ পিছত কি অৱস্থা হৈছে দেখিছে? তৃণমূল কংগ্ৰেছ দলটো থাকিবগৈনে? নিৰ্বাচনৰ আগলৈ বা নিৰ্বাচনৰ সময়লৈ তেওঁলোকৰ কি দপদপনি! কিন্তু নিৰ্বাচনত যেতিয়া বিজেপি জিকিল, তাচৰ ঘৰৰ দৰে দলটো খহি পৰিল। হয়, বিজেপিয়ে এফালৰ পৰা ঢাহিমুহি সকলো শেষ কৰি আনিছে। কিন্তু বিজেপিয়ে কিয় সেইটো কৰিব পাৰিছে? বিজেপিয়ে সেইটো কৰিব পাৰিছে আধুনিক সময়ৰ মীৰ জাফৰবোৰৰ বাবে; সিহঁতৰ বিশ্বাসঘাটকতাৰ বাবে।

মনত আছেনে পলাচীৰ যুদ্ধৰ কথা? বংগৰ নবাব চিৰাজ-উদ-দৌল্লা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বত থকা ৰবাৰ্ট ক্লাইভৰ মাজত পলাচীৰ যুদ্ধ লাগিছিল ১৭৫৭ চনৰ ২৩ জুনৰ দিনা। সেই যুদ্ধৰ আগেয়ে, ব্ৰিটিছে গোপনে নবাব চিৰাজ-উদ-দৌল্লাৰ সেনাপতি মীৰ জাফৰক হাত কৰিছিল। নিজৰ সেনাপতিৰ বিশ্বাসঘাটকতাৰ বাবেই চিৰাজ-উদ-দৌল্লাই পলাচীৰ যুদ্ধত পৰাজিত হৈছিল। বংগ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল আৰু তাৰ বাকীখিনি ইতিহাস— মোগল সাম্ৰাজ্যৰ পতন আৰু ব্ৰিটিছ শাসনৰ আৰম্ভণি।

Apply Now

এতিয়া বিজেপিয়ে কি কৰিছে চাওক। কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পিছত কি হ’ল? ৰাজনৈতিক শ্ৰেণীটোৰ কোনবোৰ মানুহ বিজেপিলৈ গৈছে? দুই শ্ৰেণীৰ মানুহ বিজেপিলৈ গৈছে— যিসকল উচ্চাকাংক্ষী আৰু যিসকল দুৰ্নীতিপৰায়ণ। দুয়োটা শ্ৰেণীৰে কোনো নৈতিকতা বা আদৰ্শ বোলা বস্তু নাই।

অসমৰ কথাই চাওক। ছাত্ৰ সন্থা, অসম গণ পৰিষদৰ কথা ভাবক। দুয়োৰে সম্পৰ্ক অসম চুক্তিৰ লগত। অসম চুক্তিৰ মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলোৱেই বিদেশী। কিন্তু সৰ্বানন্দ সোনোৱালে কি কৰিলে? এজিপি হৈ বিজেপিলৈ আহিল। অসম চুক্তি ক’ৰবাত হেৰাই গ’ল, এজিপিও বিজেপি হ’ল। তেওঁলোক নামতহে আঞ্চলিকতাবাদী। গতিকে জাতীয়তাবাদী আদৰ্শ জহন্নামে গ’ল। ‘গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ ওলায়’ বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা কিয় বিজেপিলৈ গ’ল? দুৰ্নীতিৰ অভিযোগত। কোনে আনিছিল সেই অভিযোগ? স্বয়ং বিজেপিয়ে। তাৰ পিছত কি দেখিলোঁ? অসমৰ এতিয়াৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ সৈতে কিমানজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আছে, আপোনালোকেই হিচাপ কৰি উলিয়াওক। কিমান দুষ্ট, কিমান ধূৰ্ত এই ৰাজনৈতিক শ্ৰেণীটো! অসমৰ এতিয়াৰ শেষৰ দুজনা মীৰ জাফৰ হ’ল— বৰদলৈ আৰু বৰা।

আমি মহাৰাষ্ট্ৰত কি দেখিছিলোঁ? শিৱসেনা যে দুভাগ হৈছিল, কিহৰ স্বাৰ্থত হৈছিল? সিন্দে আৰু তেওঁৰ সংগীসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ কি অভিযোগ কোনে আনিছিল? এনচিপিৰ অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেল আদিৰ বিৰুদ্ধেই বা কিমান হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উঠিছিল? কি শক্তিশালী ৰাজনৈতিক শ্ৰেণী! নিজৰ সম্পদ আৰু গা বচাবলৈ তেওঁলোক বিজেপিৰ শৰণাপন্ন হৈছিল। তেনে উদাহৰণ প্ৰতিখন ৰাজ্যতে, দলে দলে ওলাব।

তাৰ একেবাৰে শেহতীয়া নিদৰ্শন হৈছে তৃণমূলৰ ৮০ জন বিধায়কৰ ৫৮ জনে মূল তৃণমূল এৰি বিজেপিক সমৰ্থন দিছে। ২০ জন সাংসদে বিজেপিৰ লগত চামিল হোৱাৰ যো-জা কৰিছে। কালি অহৰহ এওঁলোকে বিজেপিক গালি পাৰি আছিল আৰু বিজেপিয়েও এওঁলোকক গালি পাৰি আছিল; এতিয়া এওঁলোকে একেখন কাঁহিতে ভাত খাব! কিহৰ স্বাৰ্থত? কোনো দেশ বা জাতিৰ স্বাৰ্থত নহয়, কেৱল নিজৰ স্বাৰ্থত। বিজেপিয়ে এওঁলোক আহিলে নিজৰ সংখ্যা বঢ়াই সমষ্টি পুনৰ্নীৰ্ধাৰণ বিল আকৌ আনি নিজৰ ৰাজত্ব একছত্ৰী কৰিব। আৰু এই আধুনিক মীৰ জাফৰবোৰে সুখে-শান্তিতে ক্ষমতা আৰু সম্পদ উপভোগ কৰিব পাৰিব। দেশ জহন্নামে যাব, গণতন্ত্ৰ জহন্নামে যাব।

সেয়ে কওঁ, দেশৰ এই দুৰ্দশাৰ কাৰণে কেৱল বিজেপি দায়ী নহয়। বিজেপি যোগ এই ৰাজনৈতিক শ্ৰেণী— অৰ্থাৎ আধুনিক মীৰ জাফৰহঁতহে দায়ী। এতিয়াও বিজেপিলৈ নোযোৱা ৰাজনৈতিক শ্ৰেণীটোৱে আকৌ ক্ষমতা আৰু টকাই শেষ কথা বুলি কয়। ক্ষমতা আৰু টকাই যদি কথা কয়, তেন্তে আজি তৃণমূল কংগ্ৰেছৰ যি অৱস্থা হৈছে, কাইলৈ সকলোৰে সেই একেই অৱস্থা হ’ব। আদৰ্শ আৰু নিষ্ঠাবিহীন ৰাজনীতিৰ ঠেং চুটি। এই আধুনিক মীৰ জাফৰসকল নিপাত নোযোৱালৈকে জনসাধাৰণৰ নিস্তাৰ নাই।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd