হাৰিয়ানা নিৰ্বাচন! বিধানসভাৰ ৯০ খন আসনৰ বাবে আজি আৰম্ভ হৈছে ভোটদান

প্ৰতিনিধিত্বমূলক ফটো।

কটকটীয়া নিৰাপত্তাৰ মাজতে আজি (শনিবাৰে) পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব।

শেহতীয়াকৈ জম্মু-কাশ্মীৰতো ভোটদান অনুষ্ঠিত হৈ গৈছে। আজিৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনোত্তৰ সমীক্ষা (বুথ ৰিটাৰ্ণ চাৰ্ভে) ও পোহৰলৈ আহিব।

হাৰিয়ানাৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা ৯০খন। সকলো সমষ্টিতে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। বৰ্তমানৰ শাসকীয় বিজেপি নে পূৰ্বৰ শাসকীয় কংগ্ৰেছ কাৰ দখলত যাব এইবাৰ জনতাৰ ৰায়দান তাক লৈ সকলো মহলতে কৌতুহল বৃদ্ধি পাইছে।

নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ২ কোটিতকৈও অধিক! ৯০ টা সমষ্টিত ১ হাজাৰ ২৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

উল্লেখ্য যে মুখ্যমন্ত্রী নয়ব সিং ছাইনীৰ উপৰি কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুদা, মল্লযুঁজাৰু ৱিনেশ ফ’গাট, জেজেপিৰ দুষ্যন্ত চৌটালাকে ধৰি বহুকেইজন চৰ্চিত প্ৰাৰ্থীৰ নাম তালিকাত আছে।

হাৰিয়ানাত কংগ্ৰেছে ইয়াৰ ইস্তাহাৰত কয় যে ৰাজ্যখনত ক্ষমতালৈ আহিলে ১৮ৰ পৰা ৬০ বছৰৰ ভিতৰৰ প্ৰতিগৰাকী মহিলাক মাহিলী ২০০০ টকা ভাট্টা দিয়া হ’ব। বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত মহিলাক প্ৰতিমাহে ২১০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই প্ৰকল্পৰ নাম ৰখা হৈছে লাডো লক্ষ্মী যোজনা।

ইয়াৰ ফলত স্বাভাৱিকতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰক লৈ সকলো মহলতে কৌতুহলৰ সৃষ্টি হৈছে।