• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ : ৰাতাবাৰীৰ এটা ভোটকেন্দ্ৰত ইভিএম বিকলৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 10:05 am
by-polls-570x427

প্ৰতিনিধিত্বমূল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা অসমৰ চাৰিটা সমষ্টি ৰঙাপাৰা, সোণাৰি, ৰাতাবাৰী আৰু জনিয়াৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বিয়লি ৫ বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব।

Apply Now

জানিব পৰা মতে, ৰাতাবাৰী সমষ্টিৰ ডানিৰবন্দ নিম্ন প্ৰাথমিক বিদ্যালয়ত ইভিএম বিকল হোৱাৰ ফলত ব্যহত হয় ভোটদান প্ৰক্ৰিয়া।

প্ৰায় এক ঘন্টা সময় ভোটদান বন্ধ থকাৰ পাছত বৰ্তমানে ভোটকেন্দ্ৰত  ছেক্টৰ অফিচাৰ সহ অন্যান্য বিষয়াসকল আহি উপস্থিত হয়।

উপ নিৰ্বাচনটোত ২০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৬,৭৮,৮৯৮গৰাকী ভোটাৰে। ইয়াৰে ৩,২৭,৮০৩গৰাকী ভোটাৰ হৈছে মহিলা।

নিৰ্বাচন আয়োগে ৰাতাবাৰীত ২০২টা, জনিয়াত ২২৯টা, ৰঙাপাৰাত ১৯৭টা আৰু সোণাৰিত ২০২টা ভোটগ্ৰহণ কেন্দ্ৰৰে মুঠ ৮৩০টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে।

দুগৰাকী বিধায়ক তথা মন্ত্ৰী পল্লৱলোচন দাস(ৰঙাপাৰা), আৰু তপন গগৈ (সোণাৰি), উপাধ্যক্ষ কৃপানাথ মাল্লা(ৰাতাবাৰী) আৰু কংগ্ৰেছ বিধায়ক আব্দুল খালেক (জনিয়া) লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে উক্ত চাৰিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ৰঙাপাৰাত পাঁচগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপিৰ ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোৰ আন কেইগৰাকী প্ৰাৰ্থী হৈছে চিপিআই এমৰ ৰয়েল চোৰেং, এছয়ুচিআইৰ সঞ্জিত ৰাজবংশী আৰু ভাৰতীয় গণ পৰিষদৰ অৰূপ কুমাৰ চৌধুৰী।

সোণাৰিত বিজেপিৰ নবনীতা সন্দিকৈ আৰু কংগ্ৰেছৰ সুশীল ছুৰিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব।

ৰাতাবাৰীত চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে যদিও মূল প্ৰতিদ্বন্দ্বিতা বিজেপিৰ বিজয় মালাকৰ আৰু কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকৰ মাজতে সীমাবদ্ধ থাকিব। সমষ্টিটোত এছয়ুচিআয়ে বীৰেন্দ্ৰ ৰবিদাসক প্ৰাৰ্থিত্ব দিছে আৰু পৰীক্ষিত ৰয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

জনিয়াত সৰ্বাধিক ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। জনিয়াৰ যুঁজখন ত্ৰিকোণীয়া হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ তৌফিকুৰ ৰহমান, কংগ্ৰেছৰ ছামছুল হক আৰু এআইয়ুডিএফৰ হাফিজ ৰফিকুল ইছলামৰ মাজতে নিৰ্বাচনী যুঁজখন সীমাবদ্ধ থাকিব।

সমষ্টিটোৰ আনকেইগৰাকী প্ৰাৰ্থ হৈছে এনপিপিৰ চান্দ মহম্মদ, আপৰ ফাৰুক খান, চিপিআইএমৰ ৰুষ্টম আলী, নিৰ্দলীয়া আব্দুল জলিল তালুকদাৰ, ডেম’ক্ৰেটিক পাৰ্টি অফ ইণ্ডিয়াৰ ৰফিকুল ইছলাম আৰু নিৰ্দলীয় সুভাষ সূত্ৰধৰ।

দেওবাৰে পুৱাৰ ভাগতে নিৰ্বাচনী বিষয়াসকলে ভোটগ্ৰহণৰ বাবে চাৰিটা সমষ্টিৰ ৮৩০টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছিল।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ কুমাৰ চাহুৱে দেওবাৰে গণতন্ত্ৰক শক্তিশালী কৰি তুলিবলৈ সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ বাবে আহ্বান জনায়।

অসম চৰকাৰে ২১ অক্টোবৰৰ দিনটো এন আই এক্টৰ অধীনত চাৰিটা সমষ্টিত ভোটদানৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে।

বৃহস্পতিবাৰে উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd