NORTHEAST NOW (Assamese)

ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ; টীয়ক, শিৱসাগৰ, বিশ্বনাথতো পুৱাৰে পৰা চলিছে ভোটদান

March 6, 2022 11:44 am · এন ই নাও নিউজ, টীয়ক, শিৱসাগৰ, বিশ্বনাথ
শিৱসাগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যৰ ৮০খন পৌৰসভা গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ পৌৰসভা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা বুলি জানিব পৰা গৈছে।

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ ১০ টা ৱাৰ্ডতো আজি পুৱা ৮বজাৰ লগে লগে আৰম্ভ হয় ভোট গ্ৰহণ পৰ্ব। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখা পোৱা গৈছে। টীয়কৰ ১০ টা ৱাৰ্ডত ২৯ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে ৭৫০০ জন।

উল্লেখযোগ্য যে এইবাৰ প্ৰতিটো ৰাজনৈতিক দলে যুৱ প্ৰজন্মৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।

শিৱসাগৰত পৌৰসভাৰ ভোটদান। ফটো: নৰ্থইষ্ট নাও।

ইপিনে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয়ৰ আশা কৰি আগন্তুক দিনত এখন সুস্থ সবল তথা জাকতজিলিকা পৌৰসভা তথা নগৰখনৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ৰাইজেও বিবেক ভোট দি যোগ্যজনক নিৰ্বাচন কৰিবলৈ সকলোকে আহ্বান জনাইছে।

ইপিনে, আজি পুৱা ৮ বজাৰ লগে লগেই শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ বাবেও ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। মুঠ ৩৭ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ।

শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ ৩২৮৬৮ গৰাকী ভোটাৰে ৩৯ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব।

বিশ্বনাথত ৯২বছৰীয়া আইতাৰ হুইলচেয়াৰত আহি ভোটদান। ফটো: নৰ্থইষ্ট নাও।

আনহাতে, বিশ্বনাথতো স্থানীয় বিধায়ককে আদি কৰি সচেতন ভোটাৰ সকলক ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ মাজতে একাংশ ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে কিছু হৃদয় চুই

যোৱা দৃশ্য। বিশ্বনাথৰ ৩ নং ৱাৰ্ডৰ ৯২ বছৰীয় আইতা মেনকা পালে হুইল চেয়াৰত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালকৈ ৯ নং ৱাৰ্ডৰ ১০০ বছৰীয়া আছ মহম্মদ আনছাৰীয়ে হাতত লাখুটি লৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰে ।

Related News