DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ; টীয়ক, শিৱসাগৰ, বিশ্বনাথতো পুৱাৰে পৰা চলিছে ভোটদান

এন ই নাও নিউজ, টীয়ক, শিৱসাগৰ, বিশ্বনাথ by এন ই নাও নিউজ, টীয়ক, শিৱসাগৰ, বিশ্বনাথ
March 6, 2022 11:44 am
Municipal election polling sibsagar 2

শিৱসাগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ৮০খন পৌৰসভা গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ পৌৰসভা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা বুলি জানিব পৰা গৈছে।

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ ১০ টা ৱাৰ্ডতো আজি পুৱা ৮বজাৰ লগে লগে আৰম্ভ হয় ভোট গ্ৰহণ পৰ্ব। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখা পোৱা গৈছে। টীয়কৰ ১০ টা ৱাৰ্ডত ২৯ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে ৭৫০০ জন।

উল্লেখযোগ্য যে এইবাৰ প্ৰতিটো ৰাজনৈতিক দলে যুৱ প্ৰজন্মৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।

Municipal election polling Sibsagar
শিৱসাগৰত পৌৰসভাৰ ভোটদান। ফটো: নৰ্থইষ্ট নাও।

ইপিনে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয়ৰ আশা কৰি আগন্তুক দিনত এখন সুস্থ সবল তথা জাকতজিলিকা পৌৰসভা তথা নগৰখনৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ৰাইজেও বিবেক ভোট দি যোগ্যজনক নিৰ্বাচন কৰিবলৈ সকলোকে আহ্বান জনাইছে।

ইপিনে, আজি পুৱা ৮ বজাৰ লগে লগেই শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ বাবেও ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। মুঠ ৩৭ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ।

শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ ৩২৮৬৮ গৰাকী ভোটাৰে ৩৯ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব।

Municipal election polling Biswanath
বিশ্বনাথত ৯২বছৰীয়া আইতাৰ হুইলচেয়াৰত আহি ভোটদান। ফটো: নৰ্থইষ্ট নাও।

আনহাতে, বিশ্বনাথতো স্থানীয় বিধায়ককে আদি কৰি সচেতন ভোটাৰ সকলক ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ মাজতে একাংশ ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে কিছু হৃদয় চুই

যোৱা দৃশ্য। বিশ্বনাথৰ ৩ নং ৱাৰ্ডৰ ৯২ বছৰীয় আইতা মেনকা পালে হুইল চেয়াৰত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালকৈ ৯ নং ৱাৰ্ডৰ ১০০ বছৰীয়া আছ মহম্মদ আনছাৰীয়ে হাতত লাখুটি লৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰে ।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd