• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পলিউশ্যন টেষ্টিং চেন্টাৰত ব্যাপক দুৰ্নীতি; ৮৫ টকা মাচুলৰ সলনি গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা

এনে পলিউশ্যন টেষ্টিং চেন্টাৰৰ মালিকক নাকী লগাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহন বিভাগে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 10, 2019 9:19 pm
3ee9d288-d2bb-401e-bf12-f447df52eb4f
1.9k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদানৰ নামত একাংশ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰত চলিছে চৰম অনীতি। অভিযোগ অনুসৰি কিছুমান কেন্দ্ৰৰ পৰিচালকসকলে এই কেন্দ্ৰসমূহত ম্যাদ উকলা বুলি একাংশ গ্ৰাহকক জৰিমনা হিচাপে অতিৰিক্তভাৱে ধন আদায় লৈছে।

গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত থকা পলিউশ্যন টেষ্টিং চেন্টাৰত বুধবাৰে সংঘটিত হ’ল এনে এক ঘটনা।

কেন্দ্ৰটোৰ পৰিচালকে পলিউশ্যন চাৰ্টিফিকেট দিয়াৰ নামত ম্যাদ ওকলা বুলি কোনোধৰণৰ ৰচিদ নিদিয়াকৈ গ্ৰাহকসকলৰ পৰা ধন লৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোলৈ যোৱা কেইজনমান গ্ৰাহকে।

তদুপৰি, এজন স্কুটী গ্ৰাহকৰ পৰা পলিউশ্যন চাৰ্টিফিকেট দিয়াৰ নামত ম্যাদ উকলা বুলি চেন্টাৰটোৰ পৰিচালকজনে অতিৰিক্ত ধন লৈ থকা দেখা পায় এগৰাকী সাংবাদিকে।

সেই সময়তে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে এই সন্দৰ্ভত বিৰোধিতা কৰাত কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে তেওঁকেই আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে।

ইপিনে, আন কেইজনমান গ্ৰাহকে এই কেন্দ্ৰটোত প্ৰদূষণৰ প্ৰমাণপত্ৰ দিয়াৰ নামত কোনো পৰীক্ষাই সম্পন্ন কৰা নহয় বুলি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ পাছতে সাংবাদিকজনে  কেন্দ্ৰটোৰ স্বত্তাধিকাৰগৰাকীক সোধাত তেওঁ দাম্ভিকতাৰে ‘হৰ্ডিং মাৰি দিয়ক ইয়াত জৰিমনা লোৱা হয়’ বুলি কোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে।

আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে পৰিবহন বিভাগৰ আয়ুক্তক অৱগত কৰিছে।

উল্লেখযোগ্য যে, ম্যাদ উকলা প্ৰদূষণ প্ৰমাণপত্ৰৰ বাবদ ন্যূনতম জৰিমনা পৰিবহন বিভাগৰ কাৰ্যালয়েহে ল’ব পাৰে। এই কথা নৰ্থ ইষ্ট নাওৰ আগত স্বয়ং জিলা পৰিবহন বিষয়াই জানিবলৈ দিয়ে।

‘’পলিউশ্যন টেষ্টিং চেন্টাৰত ম্যাদ ওকলা প্ৰমাণ পত্ৰৰ বাবদ পইচা ল’ব নোৱাৰে, জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত জমা দিব লাগে। কিয়নো তেওঁলোকৰ হাতত তেনে কোনো ৰচিদ দিব পৰা ক্ষমতা নাই। নতুন প্ৰমাণ পত্ৰৰ বাবদ বাইকৰ পৰা ৮৫ টকা আৰু চাৰিচকীয়া বাহনৰ পৰা ১১০ টকা ল’ব পাৰে,’’- নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত পৰিবহন বিষয়াগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘’আমি ইতিমধ্যে পৰিদৰ্শন কৰি আছো। যদি তেনেদৰে ধন সংগ্ৰহ কৰা বুলি অভিযোগ পাওঁ, তেন্তে পলিউশ্যন চেন্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম।‘’

উল্লেখ কৰিব পাৰি যে, প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত এচাম প্ৰমাণপত্ৰ প্ৰদানকাৰী কেন্দ্ৰই দাম্ভিকতাৰে এনেদৰে গ্ৰাহকক লুটি অহা বুলি গুৰুতৰ অভিযোগ উঠি আহিছে যদিও বৰ্তমানলৈকে পৰিবহন বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd