• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পন্নিয়িন চেলভান-১

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
November 26, 2022 2:09 pm
Ponniyin Selvan: I
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“পন্নিয়িন চেলভান”-অৰ্থাৎ প’ন্নিৰ পুত্ৰ। তামিল ভাষাৰ এই ব্যয়বহুল ছবিখনৰ কাহিনীভাগ লিখক কল্কি কৃষ্ণমূৰ্তিৰ একেই নামৰ উপন্যাসখনৰ(১৯৫৫ চন)ভেটিত। ৰাজতন্ত্ৰৰ কূটনীতি কেন্দ্ৰীক বুৰঞ্জীমূলক এখন ছবি পন্নিয়িন চেলভান। বিখ্যাত পৰিচালক মনিৰত্নমৰ এই ছবিখনৰ বাবে বহু আগ্ৰহী দৰ্শকে বাট চাই আছিলে। ছবিখনৰ পৰিচালনা মনিৰত্নমৰ,যুটীয়াভাৱে চিত্ৰনাট্য লিখিছে-মনিৰত্নম আৰু ইলাংগ’ কুমাৰাভেলে। সংলাপ-আৰ বিজয়মোহনৰ। সংগীত পৰিচালনাৰ সামগ্ৰিক দিশ-এ আৰ ৰেহমানৰ। এই ছবিখন মনিৰত্মমৰ স্বপ্নৰ ছবি আছিল। বৰ্ণাঢ্য আয়োজন আৰু বিশাল বাজেটেৰে গত ৩০ ছেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত ছবিখনে যথেষ্ট ব্যৱসায়িক মুনাফাও লাভ কৰিবলৈ সক্ষম হ’ল। ছবিখন দৰ্শকৰ বাবে এমেজন প্ৰাইমত উপলব্ধ।

কিছু কাহিনী কথনেৰে আৰম্ভণি ঘটা ছবিখনৰ প্ৰথম দৃশ্যাংশই যুদ্ধৰে। চ্চ’লা সাম্ৰাজ্যৰ ভৱিষ্যতক লৈ বিভিন্ন ঘটনাবহুল দৃশ্যাংশৰে ছবিৰ কাহিনীভাগ আগুৱাই। পিছে মূল কাহিনীয়ে কি ক’ব খুজিছে,বা কাহিনীকাৰে কি প্ৰদৰ্শন কৰিব বিচাৰিছে,সেয়া প্ৰথমাৰ্দ্ধত বাদেই,দ্বিতীয়াৰ্দ্ধ পৰ্যন্ত সুস্পষ্ট নহ’ল। মূল কাহিনীক দৰ্শকৰ বাবে এক স্পষ্ট ৰূপত গ্ৰহণযোগ্য কৰি তোলাৰ পৰিৱৰ্তে আনুষংগিক আৰু বিশেষ কোনো প্ৰয়োজনীয়তা নথকা ঘটনা,পৰিস্থিতিৰ চিত্ৰায়নত অপ্ৰয়োজনীয়ভাৱে বহু সময়ৰ অপচয় কৰা দেখা গ’ল-সমগ্ৰ ছবিখনতেই। অৰ্থাৎ,যুদ্ধ-বিগ্ৰহ,উত্তেজনা আদি উপাদান থাকিলেও,ছবিখনৰ কোনো এটা অংশতেই পৰৱৰ্তী পৰ্যায়ত কি হ’ব পাৰে,তাক লৈ সামান্যতম কৌতূহলো অনুভৱ নহ’ল। গতিকে,কাহিনীকাৰ সম্পূ্ৰ্ণৰূপে বিফল বুলিব লাগিব।

Apply Now

এই অপ্ৰয়োজনীয় ঘটনাবহুলতা,দৃশ্যাংশৰ উপস্থাপনে কাহিনীৰ মূল বিষয়বস্তুক কক্ষচ্যুত কৰিলে। উপন্যাসৰ বৰ্ণনাধৰ্মীতাক ছবিত হুবহু ৰূপত দৃশ্যায়িত কৰাৰ এক অতিশয় ভুল পদক্ষেপ আছিল বুলি অনুভূত হয়। মনোৰঞ্জনধৰ্মী ছবিত গীত-নৃত্যৰ ব্যৱহাৰ অস্বাভাৱিক নহয়।পিছে এই ছবিখনত কাহিনীভাগৰ দৰে একেদৰেই,একেবাৰেই অপ্ৰয়োজনীয়ভাৱে বাৰম্বাৰ নাটকীয় গীত-নৃত্যৰ প্ৰয়োগ,আন এক সময়ৰ অপব্যৱহাৰ আৰু বিৰক্তিদায়ক অংশ। গতিকে কাহিনীৰ গতি অৱশ্যেই অতি মন্থৰ বা,প্ৰায় সময়তেই চিনেমা এখন চাই থকা যেন অনুভৱ নোহোৱা বিধৰ।

চিনেমাখনত তিনিটিমান নাৰী চৰিত্ৰ আছে,প্ৰথমেই ৰাজসভাত নাৰীক কেন্দ্ৰ কৰি অপমানসূচক কথা-বাৰ্তাৰ উপস্থাপন,আৰু এই প্ৰতিটো চৰিত্ৰকেই অতিশয় ৰূপ-লাৱণ্যময়ী,আৱেদময়ী আৰু পুৰুষৰ মনোৰঞ্জনধৰ্মী এক উপাদানৰ দৰেহে ব্যৱহাৰ কৰা দেখা গ’ল। লগতে কূটনৈতিক বুদ্ধিৰে সমৃদ্ধ আৰু ছলনাময়ী এক ৰূপকেই প্ৰতিটো নাৰী চৰিত্ৰৰ মাজেৰে প্ৰদৰ্শন কৰা হ’ল। চিনেমাখনৰ নান্দনিক দিশটো ভাল বুলিবই লাগিব। পিছে বহু সময়ত নাৰী চৰিত্ৰকেইটিক এইক্ষেত্ৰতো এক আলংকাৰিক ৰূপ প্ৰদৰ্শনৰ বাবেই ব্যৱহাৰ কৰা দেখা গ’ল। কলা নিৰ্দেশনা কৰিছে-ইলিয়া ৰাজাই। মাজে মাজে হাস্যৰস দিবৰ উদ্দেশ্যে এটি চৰিত্ৰৰ উপস্থাপন কৰিছে যদিও,হাস্যৰসৰ প্ৰয়োগ বলপূৰ্বক।

মনিৰত্মমৰ দৰে পৰিচালক,কাহিনীকাৰৰ পৰা এনেধৰণৰ দুৰ্বল দিশ মুঠেই প্ৰত্যাশিত নাছিল। অতি ব্যয়বহুলতা আৰু চাকচিক্যৰ আয়োজনত চিনেমাৰ পৰিভাষাই বিভ্ৰান্ত হ’ল। অভিব্যক্তি প্ৰকাশত দুই এটি চৰিত্ৰৰ বাদে বাকী সকলোৰে অতি নাটকীয়তা,আন এক ভাল নলগা দিশ। ল’কেচনবিলাকৰ খুবেই সুন্দৰ নিৰ্বাচন,লগতেই আৱহ-সংগীতৰংগীতৰ প্ৰয়োগো প্ৰায় সময়তে খাপ খোৱাবিধৰ। কেমেৰাৰ কৌণিক দিশ(এংগল)ৰ ব্যৱহাৰ ভাল। ৰবি বাৰ্মানৰ আলোকশিল্পৰ কাম ভালেই বুলিব লাগিব।

বিক্ৰম, ঐশ্চৰ্য ৰায় বচ্চন, ঐশ্চৰ্যলক্ষ্মী, জয়ৰাম ৰবী আদিৰ দৰে অভিনেতা-অভিনেত্ৰীৰে সমৃদ্ধ হ’লেও, কাৰো অভিনয়তেই উল্লেখনীয় তেনে কোনো উপাদান দেখা নগ’ল। দুঘন্টা ৫০মিনিট সময়,এই ছবিখনক দিবলৈ দুনাই ভবাৰ থল আছে। শেষাংশলৈকে ইমান অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া কৰিছিল যে,অন্তিম দৃশ্যটি চাবৰ বাবে বহুখিনি ধৈৰ্যৰ প্ৰয়োজন হৈছিল। এই ছবিখনৰ দ্বিতীয়ভাগ অৰ্থাৎ চিকুৱেলে ২০২৩ ত মুক্তিলাভ কৰিব।

লেখকৰ মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd