NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা প্ৰশাসনৰ

August 20, 2018 9:01 am · মানস প্ৰতিম গগৈ

এন এছ চি এন (কে) ৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত মাৰাত্মক ড্ৰাগছ কানি প্ৰস্ততৰ বাবে কৰা পপী ফুলৰ খেতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অৰুণাচল প্ৰদেশৰ চৰকাৰ।

অৰুণাচল প্ৰদেশৰ নামচাই জিলা প্ৰশাসনে শেহতীয়াকৈ পপী ফুলৰ খেতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নামচাই জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্তই জাৰি কৰা এক নিৰ্দেশ যোগে নামচাই জিলাৰ চৌখম প্ৰশাসনিক চক্ৰৰ অন্তৰ্গত অঞ্চলত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰিছে।

উক্ত নিৰ্দেশটোত কোবা হৈছে যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পপী ফুলৰ পৰা প্ৰস্তত কৰা কানি সেৱনৰ ফলত জিলাখনত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পপীফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰা হৈছে।

আনহাতে, এই নিৰ্দেশ ভংগ কৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও নিৰ্দেশনাটোত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে পপী ফুলৰ খেতি কৰি নিষিদ্ধ ড্ৰাগছ কানি প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশত একাংশ লোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে উগ্ৰপন্থী গোটেও এই নিষিদ্ধ দ্ৰব্যৰ জৰিয়তে ব্যৱসায় কৰি ধন ঘটাৰ কামত সহযোগ কৰাৰ তথ্যত ৰাজ্যখনৰ প্ৰশাসন উদ্বিগ্ন হৈ পৰিছে।

Related News