NORTHEAST NOW (Assamese)

জনপ্ৰিয় শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ভাইৰেল হৈ পৰিল ‘মামা’

September 7, 2021 12:40 pm · এন ই নাও নিউজ
Updated: September 7, 2021 12:51 pm

বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়তে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত ‘মামা’ হিচাপে জনপ্ৰিয় হৈ পৰিছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিৰ্বাচনী প্ৰচাৰৰ সময়তো ৰাজ্যখনৰ বিভিন্ন স্থানত নেতাগৰাকীক মামা বুলি সম্বোধন কৰি নিজৰ আব্দাৰ দাঙি ধৰিছিল ল’ৰা-ছোৱালীবোৰে।

ছোৱালীবোৰক স্কুটী দিয়াৰ প্ৰসংগতে ল’ৰাবোৰেও হিমন্ত বিশ্ব শৰ্মাক সুধিছিল, “মামা, আপুনি আমাক বুলেট কেতিয়া দিব?”

‘মামা’ হিমন্ত বিশ্ব শৰ্মায়ো ‘ভাগিন’সকলক বুলেট দিয়াৰ আশ্বাস দিছিল। সেয়াই নহয়, মামা-ভাগিন সম্পৰ্কৰ আঁত ধৰিয়েই নেতাগৰাকীৰ পৰা ফোন নম্বৰ পৰ্যন্ত লৈছিল ‘ভাগিন’হঁতে। মামাই ভাগিনহঁতক ঘৰলৈকো মাতিছিল।

বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ এই জনপ্ৰিয় ‘মামা’ সম্বোধনটো এইবাৰ স্থান পালে কৌন বনেগা ক্ৰোডপতিৰ মঞ্চত।

শ্ব’টোৰ সঞ্চালক অমিতাভ বচ্চনে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ জনপ্ৰিয় উপনামটো সোমবাৰে এজন প্ৰতিযোগীক প্ৰশ্ন হিচাপে সুধিছিল।

আৰু পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে?

প্ৰতিযোগীজনক সোধা হৈছিল, “এই নামবোৰৰ কোনটোৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত প্ৰায়ে সম্বোধন কৰা হয় ?” প্ৰতিযোগীজনৰ সন্মুখত দাঙি ধৰা বিকল্পকেইটা আছিল চাচা, মামা, কাকা আৰু টাউ।

কৌন বনেগা ক্ৰোড়পতিৰ এই দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

Related News