• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ’ ফ’ৰ গ্ল’ৰী লাভলীনা : শুভেচ্ছামূলক বাৰ্তা লিখি বঙাইগাঁৱত বক্সাৰগৰাকীৰ ছবি অংকন 

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 23, 2021 4:44 pm
lavv
181
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী তথা আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইকলৈ সকলো আশাবাদী হৈ আছে ৷

সকলোৰে আশা লাভলীনাই পদক জয় কৰি দেশ তথা ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিব ৷ সেয়ে এতিয়া বক্সাৰগৰাকীক উৎসাহ ,অভিনন্দন আৰু শুভেচ্ছা জনাই ঠায়ে ঠায়ে বিভিন্ন জনে ছবি আঁকি, বেনাৰ আঁৰি, পূজা- পাত কৰি অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰা পৰিলক্ষিত হৈছে ৷

একেদৰে বক্সাৰগৰাকীক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় আৰু বিৰোধী দলৰ মন্ত্ৰী- বিধায়কে চাইকেল ৰেলী উলিয়াইছে ৷

এনে সময়তে বঙাইগাঁৱতো অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰি তথা শুভেচ্ছা জনাই দেৱালত ছবি অংকন কৰা দেখিবলৈ পোৱা গৈছে ৷ ” গ’ ফ’ৰ গ্ল’ৰী লাভলীনা” শীৰ্ষক শুভেচ্ছামূলক বাৰ্তা লিখি বক্সাৰগৰাকীৰ ছবি অংকন কৰা হৈছে ৷

বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুৰ তলৰ দেৱালত অংকন কৰা ছবিত এতিয়া সকলোৰ দৃষ্টি নিৱদ্ধ হৈছে ৷ এই ছবি অংকনৰ সৈতে জড়িত হৈ আছে নৱনিৰ্মাণ নামৰ এটা এনজিঅ আৰু আমি বনৰীয়া নামৰ চিত্ৰ শিল্পীৰ এটা দল ৷ এইসকলৰ যৌথ তথা সমূহিয়া প্ৰচেষ্টাত এই ছবি অংকন কৰা হৈছে ৷

এই সন্দৰ্ভত নিৱনিৰ্মাণ এনজিঅৰ তৰফৰ পৰা অসম কন্যা লাভলীনা বৰগোহাঁইক বঙাইগাঁওবাসীৰ হৈ শুভেচ্ছা জনাই টকিঅ’ অলিম্পিকত বক্সাৰগৰাকীয়ে পদক জয় কৰি দেশ  তথা ৰাজ্যখনখনৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷

আনহাতে আমি বনৰীয়া গোটৰ তৰফৰ পৰাও লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই বক্সাৰগৰাকীৰ সফলতা কামনা কৰে ৷ লগতে কয় যে লাভলীনা বৰগোহাঁই আমাৰ কাৰণে সদায় প্ৰেৰণা হৈ ৰ’ব ৷

আমি বনৰীয়া গোটে অসমবাসীৰ লগতে ভাৰতবাসীকো বক্সাৰগৰাকীক উৎসাহ তথা সমৰ্থন জনাবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে আমি বনৰীয়া গোটৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন ছবি অংকন কৰিছে ৷

ছবি আঁকি ভাল পোৱা গোটৰ সদস্যসকলে শংকৰঘোলা, নাককাটি পাহাৰ আদিত বিভিন্ন বিষয়ৰ ছবি অংকন কৰি  সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাইজৰ প্ৰেৰণা পালে আগলৈকো এইদৰে ছবি অংকন কৰি যাব বুলি কয় ৷

আনহাতে নৱনিৰ্মাণ এনজিঅই ইয়াৰ পিছত চিলাৰায় উৰণীয়া সেতুৰ দেৱালত বীৰ চিলাৰায়ৰ ছবি অংকনৰ কৰাৰ লগতে বীৰঝৰা উচ্চত মাধ্যমিক বিদ্যালয়ৰ দেৱালত শিক্ষাৰ সৈতে জড়িত ছবি অংকনৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি কয় ৷ লগতে চহৰখনক সুন্দৰ কৰি তুলিবলৈ বিভিন্ন স্থানত ছবি অংকন কৰাৰ বাবেও পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd