NORTHEAST NOW (Assamese)

ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত নাৰ্চৰ মৃত্যু

January 5, 2021 5:46 pm · এন ই নাও নিউজ

ফাইজাৰৰ কোভিড-১৯ ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত এগৰাকী নাৰ্চৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

চোনিয়া চিভেদো নামৰ ৪১ বছৰীয়া নাৰ্চ গৰাকীয়ে ৩০ ডিচেম্বৰত ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰিছিল আৰু ১ জানুৱাৰিত তেওঁৰ মৃত্যু হয়।

চোনিয়াৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে পৰ্টুগালত ৰাইজৰ মাজত ফাইজাৰৰ কোভিড ভেকচিনৰ সুৰক্ষা আৰু বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নবোধৰ সৃষ্টি হৈছে।

পৰ্টুগালৰ পোৰ্টোত থকা ইষ্টিটিউট অফ অনকোলোজিত চোনিয়াই নাৰ্চ হিচাপে কৰ্মৰত আছিল।

চোনিয়াৰ পিতৃ আলিবো চিভোদোৱে জীয়ৰীৰ আকস্মিক মৃত্যুৰ হতভম্ব হৈ ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।

‘‘তেওঁ সাধাৰণ অৱস্থাতে আছিল আৰু কোনোধৰণৰ হৃদৰোগজনিত সমস্যাত ভূগি থকা নাছিল,’’ চোনিয়াৰ পিতৃয়ে এইদৰে সদৰী কৰে।

‘‘কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো চোনিয়াৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল। মই নাজানো কি হ’ল হঠাৎ। মই কি কাৰণে মোৰ জীয়ৰীৰ মৃত্যু হ’ল জানিব বিচাৰো,’’ নাৰ্চ গৰাকীৰ পিতৃয়ে ক্ষোভ আৰু দুখ ব্যক্ত কৰি এইদৰে কয়।

উল্লেখযোগ্য যে, আমেৰিকান ঔষধ নিৰ্মাতা সংস্থা ফাইজাৰে তেওঁলোকৰ কোভিড-১৯ ভেকচিন ৯৫ শতাংশ কাৰ্য্যক্ষম বুলি উল্লেখ কৰাৰ লগতে কোনোধৰণৰ পাৰ্শ্চক্ৰিয়াহীন বুলিও কৈছিল।

ফাইজাৰে বায়োটেকৰ সহযোগত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

মাত্ৰ ১০ মাহৰ ভিতৰতে ফাইজাৰে কোভিড ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

Related News