জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলৰ বিষয়া মৰমী দাসে শনিবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ জি এম চি এইসত হোৱা দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গতাই দিয়ে।
গৰিমা শইকীয়াই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতেও গৰিমা শইকীয়াক সাক্ষাৎ কৰিবলৈ কাহিলীপাৰালৈ যোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
শুকুৰবাৰে হিউন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে সেই সিদ্ধান্ত গৰিমা শইকীয়াই ল’ব।
সি যি কি নহওক, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য অধিক গভীৰলৈ গৈ থকাৰ সমান্তৰালকৈ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে সেয়া জানিবলৈ উৎসুক হৈ পৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকল।





