• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

ক'ভিড প্ৰতিৰোধী অভিযানৰ প্ৰতিটো টকাৰ হিচাপ দিয়ক- অসম জাতীয় পৰিষদ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
May 27, 2022 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড মহামাৰী প্ৰতিৰোধী অভিযানত কিমান টকা খৰচ হ’ল আৰু ক’ত ক’ত খৰচ হ’ল, তাৰ বিস্তৃত তথ্য সম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী তুলিছে অসম জাতীয় পৰিষদে৷

শুকুৰবাৰে দলৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় “ক’ভিড মহামাৰী প্ৰতিৰোধৰ হেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন বয়-বস্তু ক্ৰয় কৰাৰ বাবদ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সেয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে৷”

Apply Now

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত বিচাৰি দলে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও ভূঞাই প্ৰকাশ কৰে৷

কেলেংকাৰীৰ বৰ্ণনা দি সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত কয় “২০২০ চনৰ ১৫ এপ্ৰিলৰ দিনা চীনৰ পৰা ৫০ হাজাৰ পি পি ই কিট লৈ অহা ব্লু ডাৰ্ট কুৰিয়াৰ ছাৰ্ভিছৰ এখন কাৰ্গো বিমানক আদৰিবলৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈছিল৷ উক্ত বিমানখনত ৫০ হাজাৰ পি পি ই কিট আৰু অন্যান্য কোভিড প্ৰতিৰোধী সামগ্ৰী ৰাজ্য চৰকাৰে চীনৰ পৰা আমদানি কৰা বুলি উল্লেখ কৰি ড°শৰ্মাই কৈছিল যে চীনৰ পৰা পোনপটীয়াকৈ পি পি ই কিট ক্ৰয় কৰা অসম হৈছে ভাৰতৰ প্ৰথম ৰাজ্য৷

কিন্তু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে (এন এইচ এম) এখন আৰ টি আই আৱেদনৰ উত্তৰত জনায় যে অসমত চৰকাৰীভাৱে চীনৰ পৰা কোনো ধৰণৰ পি পি ই কিট বা অন্য ক’ভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল৷
তেতিয়াহ’লে ১৫ এপ্ৰিল ২০২০ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে বিমানবন্দৰত দিয়া বক্তব্যটো সত্য নে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আৰ টি আই আৱেদনৰ উত্তৰত কোৱা কথাখিনি সত্য? কোনোবা এটা পক্ষইতো অসত্য কথা কৈছে? কোনে কৈছে – ডঃ শৰ্মাই নে এন এইচ এমে?”

ভূঞাৰ মতে, ক’ভিড প্ৰতিৰোধী অভিযান কালত যি চৰকাৰী ধন ব্যয় কৰা হৈছিল, তাত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল৷ বিশেষকৈ চেনিটাইজাৰ ক্ৰয় আৰু যোগান, হাস্পতালসমূহলৈ যোগান ধৰা খাদ্য, দৰৱ তথা অন্য আচবাব ক্ৰয় আৰু যোগান আদিৰ ক্ষেত্ৰত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত হৈছিল৷

উক্ত অনিয়মৰ তদন্ত কোনোবা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা কৰোৱাৰ দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ অসম জাতীয় পৰিষদে স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি ভূঞাই কোভিড প্ৰতিৰোধৰ বাবত কি কি বয়-বস্তূ ক’ৰ ক’ৰ পৰা ক্ৰয় কৰা হৈছিল আৰু তাৰ বাবত কাক কিমান টকা আদায় দিয়া হৈছিল, এই সকলো তথ্য সামৰি শ্বেতপত্ৰ প্ৰকাশৰো দাবী উত্থাপন কৰে৷

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd