Adipurush: ‘বাহুবলী’ প্ৰভাসৰ পাৰিশ্ৰমিক ১২০ কোটি টকা! এইবাৰ চমক ‘আদিপুৰুষ’ত

ভাৰতৰ তেলেগু চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ‘বাহুবলী’ খ্যাত প্ৰভাস বৰ্তমান কেইবাখনো বিগ বাজেটৰ চলচ্চিত্ৰত ব্যস্ত হৈ আছে। তাৰে এখন চলচ্চিত্ৰ হৈছে ‘অদিপুৰুষ’। ব্যয়বহুল এই চলচ্চিত্ৰখন পৰিচালনা কৰিছে ওম ৰাউতে।

বাতৰি অনুসৰি ভিএফএক্স চলচ্চিত্ৰখনৰ কামৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হ’ব। প্ৰথমতে সিদ্ধান্ত লোৱা হৈছিল যে প্ৰভাসক ছবিখনৰ বাবে ১০০ কোটি টকা পৰিশোধ কৰিব।

ছবিখনৰ প্ৰযোজক টি-চিৰিজৰ ভূষণ কুমাৰে এক বাৰ্তালাপত কয় যে ‘অদিপুৰুষ’ৰ বাবে ৫০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে।

কিন্তু এতিয়া জানিব পৰা গৈছে যে প্ৰভাস এই ছবিখনৰ বাবে ১০০ কোটি টকাৰ পাৰিশ্ৰমিকত সন্তুষ্ট নহয়। তেওঁ ছবিখনৰ বাবে ১২০ কোটি টকাৰ পাৰিশ্ৰমিক বিচাৰিছে। নিৰ্মাতাসকলে ছবিখনৰ বাজেট প্ৰায় ২৫ শতাংশ বৃদ্ধি কৰাৰ পিছত প্ৰভাসে পাৰিশ্ৰমিক বৃদ্ধিৰ দাবী জনাইছে। প্ৰভাসৰ দাবীকলৈ চলচ্চিত্ৰখনৰ নিৰ্মাতাসকল অলপ চিন্তিত হৈ পৰিছে।

উল্লেখ্য যে ‘অদিপুৰুষ’ চলচ্চিত্ৰখনৰ কাহিনী ৰামায়ণৰ আধাৰত নিৰ্মাণ হ’বলৈ গৈ আছে। ছবিখনত প্ৰভাসক ৰামৰ চৰিত্ৰত দেখা যাব।

বলীউডৰ কৃতি শ্যেননে তেওঁৰ বিপৰীতে সীতাৰ চৰিত্ৰত অভিনয় কৰিব। চেইফ আলী খানক একেখন চলচ্চিত্ৰত ৰাৱণৰ চৰিত্ৰত দেখা যাব।

চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ যোৱা বছৰ জানুৱাৰীত আৰম্ভ হৈছিল। কৰ’না মহামাৰীৰ বাবে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ দীঘলীয়া হৈ আছে। নিৰ্মাতাসকলে অহা বছৰৰ ১২ জানুৱাৰীত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।