কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীয়ে আজি গুৱাহাটীৰ খাদ্য সংৰক্ষণ ডিপো (FSD) চাংসাৰীত এক বিশেষ ভ্ৰমণ কৰে। ভ্ৰমণকালত তেওঁ উত্তৰ-পূব অঞ্চলত ভাৰতীয় খাদ্য নিগমৰ (FCI) কাম-কাজ পৰ্যালোচনা কৰি সন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখ্য যে এই ডিপোটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এফ চি আই গুদাম, য’ত ৬২,৬৪০ মেট্ৰিক টন পৰ্যন্ত খাদ্য শস্য মজুত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে পুৰণি পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰা ডিপো আৰু নতুন আধুনিক চাইল’ ছেটআপ (Silo Setup) দুয়োটা পৰিদৰ্শন কৰে। তেওঁ ডিপোৰ মসৃণ কাম-কাজ, উন্নত সংৰক্ষণ পদ্ধতি আৰু পৰিষ্কাৰ ৰক্ষণাবেক্ষণ দেখি আপ্লুত হয়।

মন্ত্ৰী যোশীৰ সৈতে মন্ত্ৰালয়ৰ নীতি আৰু এফ চি আইৰ যুটীয়া সচিব চি. শিখাৰ লগতে এফ চি আইৰ উত্তৰ-পূব অঞ্চলৰ কাৰ্যবাহী সঞ্চালক ডি.পি. শুক্লা, উত্তৰ-পূব অঞ্চলৰ মুখ্য মহাপ্ৰবন্ধক ৰাজা গোপাল, সাধাৰণ প্ৰবন্ধক মনোজ কুমাৰ, আৰু গুৱাহাটীৰ সংমণ্ডল প্ৰবন্ধক জয়ন্ত কুমাৰ দত্ত উপস্থিত থাকে।

দলটোৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত খাদ্য শস্য সংৰক্ষণ আৰু বিতৰণৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে আলোচনা কৰে। ইয়াৰোপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিৰ্ভৰযোগ্য খাদ্য যোগান শৃংখল আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ শক্তিশালী প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
প্ৰসংগক্ৰমে চাইল’ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মজুতকৰণৰ সুবিধাসমূহ উন্নীতকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। এই প্ৰযুক্তিৰ ব্যৱহাৰে অপচয় হ্ৰাস কৰাত সহায় কৰে, শস্যৰ উচ্চ মান বজাই ৰাখে, আৰু কাৰ্য্যকলাপক অধিক কাৰ্যক্ষম কৰি তোলে।
এফ চি আইৰ বিষয়াসকলে মন্ত্ৰীগৰাকীক ধন্যবাদ জনাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লক্ষ্য পূৰণৰ লগতে অঞ্চলটোত সুস্থিৰ খাদ্য বিতৰণ সুনিশ্চিত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে দুৰ্গম অঞ্চলত খাদ্য ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতে মনোনিৱেশ কৰাটো এই ভ্ৰমণৰ জৰিয়তে স্পষ্ট হৈ পৰিছে।





