• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 9:06 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেতিয়াৰ নিৰ্বাচনী ৰণকৌশলী হিচাপে প্ৰশান্ত কিশোৰে তামিলনাডুৰ পৰা পশ্চিমবংগলৈ ইখনৰ পিছত সিখন ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত সঠিক ভৱিষ্যদ্বাণী কৰিছিল। আনকি তেওঁৰ দাবীবোৰ সঠিক প্ৰমাণিত হৈছিল।

এইবাৰ তেওঁ নিৰ্বাচনী যুঁজত নামিছে। জন সুৰজ দলৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে দাবী কৰিছে যে জনতা দল (ইউনাইটেড) আৰু মিত্ৰজোঁটৰ অংশীদাৰ দল বিহাৰ নিৰ্বাচনত পৰাজিত হ’ব। নীতিশ কুমাৰ নহয়, ৰাজ্যখনে নতুন মুখ্যমন্ত্ৰী পাবলৈ গৈ আছে।

Apply Now

শেহতীয়াকৈ এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে, ‘নৱেম্বৰৰ পিছত (যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে) নীতিশ কুমাৰ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী নহয় । মই কৈছো, লিখি থওক। বিহাৰে নতুন মুখ্যমন্ত্রী পাব৷’ বিহাৰৰ ৬০ শতাংশতকৈ অধিক জনসাধাৰণে পৰিৱর্তন বিচাৰে বুলিও তেওঁ দৃঢ়তাৰে দাবী কৰে৷

কিয় তেওঁ এই দাবী কৰিছে? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰশান্ত কিশোৰে ব্যাখ্যা দিলে, ‘বিহাৰৰ সকলোৱে জানে যে নীতিশ কুমাৰৰ মানসিক আৰু শাৰীৰিক অৱস্থা এনেকুৱা নহয় যে তেওঁ যিকোনো কাম কৰিব পাৰে। মঞ্চত কাষত বহি থকা প্ৰধানমন্ত্ৰীৰ নাম পাহৰি যোৱা, জাতীয় সংগীত বজাই থাকোঁতে সেইটো জাতীয় সংগীত নে ‘কাৱালী’ নজনা… যিজন ব্যক্তিয়ে সংবাদ মাধ্যমত এবছৰ ধৰি বক্তব্য ৰখা নাই। যিজন ব্যক্তিৰ নিজৰ যত্ন ল’ব পৰা অৱস্থা নাই… তেওঁ কেনেকৈ বিহাৰৰ কথা ভাৱিব?’

কিন্তু নীতিশ মুখ্যমন্ত্রী নহ’লেও ক্ষমতাত থাকিবনে জেডিইউ বা ইয়াৰ মিত্র দল? সেই প্ৰশ্নৰ উত্তৰত প্ৰশান্তই আৰু ডাঙৰ দাবী কৰিলেছে। তেওঁ কয়, ‘জেডিইউয়ে নিজৰ শক্তিত (বিহাৰৰ মুঠ ২৪৩খন বিধানসভাৰ আসনৰ ভিতৰত) ২৫খনতকৈও কম আসন পাবলৈ গৈ আছে। যদি এনে নহয়, তেন্তে মই ৰাজনীতি এৰি যাম। নিৰ্বাচনৰ পিছত জেডিইউৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন উত্থাপন হ’ব।’

বিহাৰৰ জনসাধাৰণে নীতিশ আৰু তেওঁৰ মিত্ৰদল বা ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সলনি তৃতীয় শক্তি বাছি ল’ব নেকি? জন সুৰজ ক্ষমতালৈ আহিব পাৰিবনে? সেই বিষয়টো প্ৰশান্তই নিপুণভাৱে এৰাই গৈছে। তেওঁৰ ভাষাত, ‘মই মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই। মই ইয়ালৈ মুখ্যমন্ত্ৰী হ’বলৈ অহা নাই। জন সুৰজ মোৰ পূৰ্বপুৰুষৰ দল নহয়। মইও ৰাজ্যিক সভাপতি বা ৰাষ্ট্ৰীয় সভাপতিও হোৱা নাই। মই বিহাৰৰ ব্যৱস্থা সলনি কৰিবলৈ আহিছো আৰু সেইটো ইতিমধ্যে আৰম্ভ হৈছে…’।

উল্লেখ্য যে চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২৪ চনত প্ৰশান্ত কিশোৰে গঠন কৰা জন সুৰজ পাৰ্টিয়েও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। জানিব পৰা মতে কিশোৰৰ দলে প্ৰতিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। ইয়াৰে ৫০ শতাংশ মহিলা প্ৰাৰ্থী হ’ব বুলি দাবী কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd