এটা সৰু মানহানিৰ গোচৰত দুবছৰ কাৰাদণ্ড! ৰাজনৈতিক পৰামৰ্শদাতা প্ৰশান্ত কিশোৰে ৰাহুল গান্ধীৰ কাৰাদণ্ড আৰু সাংসদ পদ বাতিলক অপ্ৰয়োজনীয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে কেন্দ্ৰই এটা ডাঙৰ মন দেখুৱাই ৰাহুলৰ সাংসদ পদ বাতিল নকৰাটোহে উচিত নাছিল।
সকলো চোৰৰ উপাধি মোডী কিয় হয়? ৰাহুল গান্ধীক ২০১৯ চনত তেওঁৰ এই মন্তব্যৰ বাবে চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।
প্ৰশান্ত কিশোৰে কয়, “নিৰ্বাচনী প্ৰচাৰৰ উত্তেজনাত এনে ধৰণৰ বহু কথা কোৱা হয়। সকলো নেতাই তেনেদৰে কয়। ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখি কওঁ যে ৰাহুল গান্ধীয়ে এই সৰু মন্তব্যৰ বাবে অপ্ৰয়োজনীয়ভাৱে অধিক শাস্তি পাইছে।
লগতে পঢ়ক: সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ: আজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল
তেওঁ লগতে কয়, ‘’যদিও মই আইন বিশেষজ্ঞ নহয়, যিমান দূৰ মই বুজিছোঁ এইটো এটা মানহানিৰ গোচৰ। আৰু এই ক্ষেত্ৰত দুবছৰৰ কাৰাদণ্ড অলপ বেছি হৈছে।”
প্ৰশান্ত কিশোৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ মন লৈ বিষয়টো চিন্তা কৰিব লাগিছিল। ৰাজনৈতিক পৰামৰ্শদাতাগৰাকীৰ মতে, বিজেপি এতিয়া কেন্দ্ৰত শাসনত আছে। গতিকে এটা ডাঙৰ মনৰ পৰিচয় দিয়াটোও তেওঁলোকৰ দায়িত্ব। মই জানো তেওঁলোকে এতিয়া ক’ব যে এই সকলোবোৰ আইন অনুসৰি হৈছে। কিন্তু মই অটল বিহাৰী বাজপেয়ীৰ বক্তব্যৰ কথা মনত পেলাই দিব খোজো। তেওঁৱেই কৈছিল যে সৰু মনেৰে কোনো মহান কাম কৰিব নোৱাৰি।
প্ৰশান্ত কিশোৰে অনুভৱ কৰে যে কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ যুঁজ কিমান কঠিন সেয়াও বুজি পোৱা উচিত। বিজেপিক কেৱল দিল্লীত বহি ইয়াৰ বিৰোধিতা কৰি যুঁজিব নোৱাৰি। তেওঁলোকে মানুহৰ কাষ চাপিব লাগিব। সকলো বিৰোধী দলে বুজি পোৱা উচিত। যুঁজখনৰ বাবে পথত নামিব লাগিব।
লগতে পঢ়ক: ৰাছিয়াই বেলাৰুছত মোতায়েন কৰিব কৌশলগত পাৰমাণৱিক অস্ত্ৰ; ঘোষণা পুটিনৰ
তাৎপৰ্যপূৰ্ণভাৱে, প্ৰশান্ত কিশোৰে ৰাহুলৰ সৈতে এটা সময়ত কংগ্ৰেছত যোগদান কৰিবলৈ এক বিতং আলোচনাত মিলিত হৈছিল। শেষত, তেওঁ নিজে পিছুৱাই আহিছিল। সেই সময়ত শুনা গৈছিল যে ৰাহুলৰ সৈতে মত নিমিলাৰ বাবে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰা নাছিল। এইবাৰ, তেওঁ ৰাহুলৰ কাষত থিয় দিছে।