• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ইস্তাহাৰতো মিথ্যাচাৰ ৰাজ্যিক বিজেপিৰ : দিব্যাংগসকলক পুনৰ প্ৰতাৰণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2018 9:31 pm
Pratibandhi Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে ইস্তাহাৰ প্ৰকাশ কৰাটো প্ৰত্যেক দলৰে এটা অঘোষিত নিয়ম তথা সেই ইস্তাহাৰত পূৰ্বে কৰা কামসমূহ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ থাকে। কিন্তু এই ক্ষেত্ৰত ইস্তাহাৰ প্ৰকাশৰ নামত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৰাজ্যত শাসনাধীন বিজেপিয়ে।

যোৱা ২১ নৱেম্বৰৰ দিনা ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰি উলিওৱা নিৰ্বাচনী ইস্তাহাৰত ‘বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দিব্যাংগসকলৰ বাবে প্ৰতিমাহে ১০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে‘ বুলি স্পষ্ট ৰূপত উল্লেখ আছে। কিন্তু প্ৰকৃত সত্য কথাটো হ’ল বৰ্তমানলৈকে কাৰ্য্যকৰী হোৱা নাই এই আঁচনি। কিয়নো বৰ্তমানলৈকে এজনো দিব্যাংগই এই আঁচনিৰ অধীনত কোনো ধন লাভ কৰা নাই বুলি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত সদৰী কৰিছে প্ৰতিবন্ধী সুৰক্ষা মঞ্চ, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

উল্লেখযোগ্য যে, যোৱা বছৰৰ ২ ফেব্ৰুৱাৰিৰ দিনাই কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ উপস্থিতিত এই কথা ঘোষণা কৰিছিল স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিও সোণোৱাল চৰকাৰৰ আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হ’ব লগীয়া হৈছিল দিব্যাংগসকল।

পৰিৱৰ্তনৰ আশাৰে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতো কংগ্ৰেছ চৰকাৰৰ দৰেই বিজেপি চৰকাৰৰ পৰাও প্ৰতাৰণাৰ সন্মুখীন হ’ব লগীয়া হোৱাত ক্ষুদ্ধ হৈ পৰিছে প্ৰতিবন্ধীসকল।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত নৃপেন মালাকাৰে কয় “সমগ্ৰ অসমত বিচাৰক, কোনো এগৰাকী দিব্যাংগই বৰ্তমানলৈকে ১০০০ টকাটো লাভ কৰা নাই।”

তেওঁ লগতে কয়, “কংগ্ৰেছ চৰকাৰক আমি আটাইতকৈ বেয়া পাওঁ, কিন্তু পৰিবৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে দিব্যাংগসকলৰ লেখত ল’ব লগীয়া কাম কি কৰিছে যে আমি তেওঁলোকক সমৰ্থন জনাম?”

আনহাতে, বিকলাংগ সকলৰ সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ‘ৰাতুল বৰ্মনেও বিজেপি চৰকাৰৰ এনে ধৰণৰ মিথ্যাচাৰক তীব্ৰভাষাৰে গৰিহণা দিয়ে।

বৰ্মনে সংবাদ মাধ্যমৰ আগত কয়, “চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। আমি অহা ২০ ডিচেম্বৰলৈকে অপেক্ষা কৰিম, যদি দিব্যাংগসকলে ১০০০ টকাকৈ লাভ নকৰে তেনেহ’লে জংগী আন্দোলন গঢ়ি তোলা হ’ব।”

কণা হাঁহক পতান দিয়াৰ অভিযোগ

প্ৰতিবন্ধী সুৰক্ষা সংস্থাই জানিবলৈ দিয়া মতে, যোৱা বৰ্ষৰ ৩০ জুলাইতে অতিৰিক্ত মুখ্য সচিব আৰু প্ৰতিবন্ধী সংগঠনৰ লগত লগত হোৱা আলোচনা মৰ্মে দিব্যাংগসকলক ৪৪১৯টা পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি এটা বছৰ ওকলি যোৱাৰ পাছতো কেৱল প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল।

ইয়াৰ বিপৰীতে ২৯ নৱেম্বৰত পুনৰ প্ৰতিবন্ধীসকলৰ সৈতে আলোচনা কৰি  সমাজ কল্যাণ বিভাগে আন এক প্ৰতিশ্ৰুতিৰ টোপ দিয়ে।

এই প্ৰতিশ্ৰুতি মতে প্ৰথম পৰ্য্যায়ত চৰকাৰৰ ২৩টা বিভাগত ৬৪০টা পদ আৰু দ্বিতীয় পৰ্য্যায়ত বাকী থকা ২৭টা বিভাগৰ  ১০০০টা পদত দিব্যাংগসকলৰ বাবে অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰিব।

কিন্তু চৰকাৰে পূৰ্বে ৫৭টা বিভাগত ৪৪১৯টা পদত নিযুক্তি দিয়া হ’ব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ এবছৰেও একো নহ’ল।

এই লৈ প্ৰতিবন্ধসকলে প্ৰতিবাদ কৰাত পুনৰ এই বছৰৰ ২৪ জুলাইত আলোচনাৰ কৰি ২ অক্টোবৰৰ ভিতৰত বিজ্ঞাপন ছপা কৰি ২২ অক্টোবৰৰ ভিতৰত ৪৪১৯টা পদত দিব্যাংগসকলক নিযুক্তি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু আজিলৈকে সেয়াও একো বাস্তৱ ফল দেখা নাপালে প্ৰতিবন্ধীসকলে।

প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষুদ্ধ হৈ ৫ অক্টোবৰৰ দিনা প্ৰতিবন্ধী সুৰক্ষা মঞ্চই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰোঁতেই আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ব লগীয়া হয় দিব্যাংগসকল।

এতিয়া পুনৰ ২৯ নৱেম্বৰৰ আলোচনাৰ সময়ত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই প্ৰথম পৰ্য্যায়ত কেৱল ৬৪০টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিম বুলি পুনৰ লিখিত প্ৰতিশ্ৰুতি দিলেও আশ্বস্ত হ’ব পৰা নাই প্ৰতিবন্ধী সুৰক্ষা সংস্থা।

“এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলেও পূৰ্বৰ ৪৪১৯টা পদত নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ ঠাইত এয়া হ’ব কণা হাঁহক পতান তথা এপাচি শাকত এটা জালুকৰ দৰে।” প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদকগৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “এনে ধৰণৰ লিখিত প্ৰতিশ্ৰুতি আমি পূৰ্বেও বহুবাৰ পালো। পূৰ্বে এনে ধৰণে আশ্বাস দি অহা হৈছিল যদিও আমাৰ একো দাবীয়ে পূৰণ কৰিব পৰা নাই চৰকাৰখনে।”

সাধাৰণ সম্পাদকজনে আমাক জানিবলৈ দিয়ামতে, অহা ৩ ডিচেম্বৰৰ দিনা ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত হ’ব লগীয়া ‘প্ৰতিবন্ধী দিৱস’ বৰ্জন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ফালৰ পৰা ‘প্ৰতাৰণা দিৱস’ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd