• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী প্ৰাৰ্থীক বঞ্চনাৰ অভিযোগঃ ৪৮ঘন্টাৰ সময়সীমা অন্যথা আন্দোলনৰ হুংকাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 12, 2022 4:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধী লোকক নিযুক্তিৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰি অহা ২১আৰু ২৮আগষ্টত অনুষ্ঠিত হবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ আনিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে৷

শুক্ৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় “নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী সকলে বিশেষ সুবিধা লাভ কৰিব লাগে যদিও এইবাৰৰ পৰীক্ষাত প্ৰতিবন্ধী সকলৰ বাবে তেনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল৷

Apply Now

কিয়নো পৰীক্ষাৰ বাবে দিয়া প্ৰৱেশ পত্ৰত অনুসূচিত জাতি – জনজাতিৰ কথা উল্লেখ স্পষ্টকৈ উল্লেখ আছে যদিও প্ৰতিবন্ধীৰ বাবে কোনো স্পষ্ট উল্লেখ নথকাত বিপদত পৰিছে প্ৰতিবন্ধী প্ৰাৰ্থীসকল৷”

মালাকাৰে লগতে কয় “নিয়ম অনুসৰি যি কোনো পৰিক্ষাত প্ৰতিবন্ধী লোকৰ বাবে এজন সহায়ক থাকিব লাগে যদিও প্ৰৱেশ পত্ৰত তেনে কোনো কথা উল্লেখ নথকাত শংকিত হৈ পৰিছে প্ৰতিবন্ধী সকল৷

ৰাজ্য চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো কাৰ স্বাৰ্থত প্ৰৱেশ পৰিক্ষাত প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয়টো উল্লেখ নকৰিলে সেয়া ৰহস্যৰ বিষয়৷ উল্লেখ্য যে ২৬হাজাৰ নিযুক্তিৰ বিজ্ঞাপনৰ সময়ত ৰাজ্য চৰকাৰৰে আলোচনাত প্ৰতিবন্ধী লোকৰ পৰা মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছিলো যদিও সেয়াও আজিলৈ কাৰ্য্যকৰী নকৰিলে৷

পৰিতাপৰ বিষয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে দ্বিতীয় বাৰলৈ শাসনলৈ অহাৰ পিছত কেবিনেট অনুষ্ঠিত কৰি নিযুক্তিৰ ক্ষেত্ৰত চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু হবলগীয়া পৰীক্ষাৰ প্ৰৱেশ পত্ৰত তেনে বিষয় স্পষ্টকৈ উল্লেখ নথকাটোৱে চৰকাৰৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি অনিহা তাৰেই স্পষ্ট ছবি প্ৰতিফলিত হৈছে৷”

ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ শুদ্ধ তালিকা প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ৪৮ঘন্টাৰ ভিতৰত চৰকাৰে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যিকোনো জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

আজিৰ সংবাদ মেলত প্ৰতিবন্ধীৰ দিব্যাংগ পেঞ্চনৰ ধন অৰুনোদয় আঁচনিত সাঙুৰি দিয়াৰ পৰিৱৰ্তে সুকীয়াকৈ পেঞ্চনৰ ধন ১হাজাৰ টকাৰ পৰিৱৰ্তে ৩ হাজাৰলৈ বৃদ্ধি ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। লগতে সংবাদমেলত উপস্থিত থাকে সংগঠনটোৰ উপ সভাপতি আতিকুৰ ৰহমান, ৰিতুৰাজ দাস, নিকুদিন বসুমতাৰী, নিপুল কলিতাৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd