NORTHEAST NOW (Assamese)

সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াসৰ সাংস্কৃতিক প্ৰতিবাদ

September 6, 2020 9:15 am · উত্তম শইকীয়া
ফটো নর্থইষ্ট নাও

দেশৰ বিশিষ্ট সাংবাদিক প্ৰয়াত গৌৰী লঙ্কেশৰ তৃতীয় ছহিদ দিৱসৰ লগত সংগতি ৰাখি ৫ ছেপ্টেম্বৰত বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীয়ে বোকাখাতত এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত হত্যা কৰা হৈছিল সাংবাদিক গৌৰী লঙ্কেশক। বাংগালোৰৰ নিজা বাসভৱনত অচিনাক্ত বন্দুকধাৰীয়ে গৌৰী লঙ্কেশক হত্যা কৰিছিল।

গৌৰী লঙ্কেশে গোড়া হিন্দুত্ববাদৰ বিৰোধিতা কৰিছিল।

বোকাখাতত গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু দিৱস উপলক্ষে স্থানীয় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত কৰে ৷

বোকাখাতৰ জাতীয় বিদ্যালয়ৰ মঞ্চত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

ভাৰতীয় গণ নাট্য সংঘ অসমৰ উদ্যোগত আমি যদি জাগি নুঠোঁ,এই দেশ হ’ব নিঃশেষ” শীৰ্ষক এই সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত হয় ৷

গীত, আবৃত্তি, মুকাভিনয়, নাটক আৰু ছবিৰে গৌৰী লঙ্কেশলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাংবাদিক গৰাকীৰ হত্যাৰো প্ৰতিবাদ জনায় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে ৷

অনুষ্ঠানত গণ মাধ্যমত জনপ্ৰিয়তা লাভ কৰা নগাওঁৰ জাতীয় সাংস্কৃতিক বাহিনীৰ প্ৰাচুৰ্য প্ৰাণ নাথে তেওঁৰ অভিনয়েৰে সাম্প্ৰতিক সময়ৰ পটভুমিত গাদী দখলৰ ৰাজনীতি আৰু শোষণৰ এক মননশীল উপস্থাপন কৰে ৷

প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ হৈ সোনেশ্বৰ নৰহে আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে সাংবাদিক সকলো উপস্থিত থাকে ৷

Related News