NORTHEAST NOW (Assamese)

শিৱসাগৰত প্ৰাক শিশু দিৱস পালন; আজি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পালন কৰিব ‘শিশু দিৱস’

November 14, 2018 7:11 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

১৪ নৱেম্বৰৰ বিপৰীতে মঙলবাৰে শিৱসাগৰ জিলা প্ৰশাসন, জিলা শিশু আৰু কিশোৰ কোষৰ উদ্যোগত আৰু য়ুনিচেফৰ সহযোগত শিৱসাগৰ পুখুৰীৰ পাৰত থকা আনন্দৰাম বৰুৱা উদ্যানত প্ৰাক শিশু দিৱস পালন কৰা হয়।

শিশু দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্তই জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ দ্বাৰা বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আৰু প্ৰশিক্ষণপ্ৰাপ্ত যুৱ সাংবাদিক সকলৰ দ্বাৰা প্ৰচাৰিত মুক্ত আকাশ নামৰ তিনিখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে কিশোৰ-কিশোৰী সকলক অনুপ্ৰেৰণামূলক বক্তৃতাৰে উৎসাহ যোগায়।

এই অনুষ্ঠানত বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা কিশোৰ কিশোৰী সকলে নিৰ্মাণ কৰা প্ৰকল্প প্ৰদৰ্শন, চিত্ৰাংকন প্ৰতিযোগিতা, লোক-সংস্কৃতি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, যুৱ ফটোগ্ৰাফাৰৰ দ্বাৰা তোলা ফটো প্ৰদৰ্শন, নিজ নিজ অঞ্চলত বিভিন্ন সাহসিকতাৰ পৰিচয় দাঙি ধৰাৰ বাবে বিজয়ী কিশোৰ-কিশোৰী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে।

ফটো : নৰ্থ-ইষ্ট নাও

প্ৰাক শিশু দিৱসৰ অনুষ্ঠানটো উদ্বোধন কৰে জিলা উপায়ুক্ত পল্লৱগোপাল ঝাই। অনুষ্ঠানটো আঁত ধৰে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ডম্বিধৰ টায়ে।

আনহাতে অনুষ্ঠানটোত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলী, সহকাৰী আয়ুক্ত গৌৰীপ্ৰীয়া দেউৰী, জিলা ৱাচ কনচালটেণ্ট শ্বেতাঙ্গনা ভূঞা, সংযুক্ত চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈ, জিলা সমাজ কল্যান বিষয়া দিপালী দেৱীকে আদি কৰি অন্যান্য বিভাগৰ বিষয়-ববীয়াৰ লগতে স্থানীয় ৰাইজ।

Related News