• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 5, 2022 2:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমত এতিয়া বানপানীয়ে যি এক ভয়ানক পৰিবেশৰ সৃষ্টি কৰিলে তাতকৈ ভয়ানক এক পৰিবেশৰ মোকাবিলা কৰিবলৈ অসমৰ সমূহ বানাক্ৰান্ত লোকসকলে নিজকে প্ৰস্তুত কৰি তুলিবলৈ ব্যৱস্থা হাতত লোৱাৰ সময় সমাগত।

বানপানীয়ে সাধাৰণতে যিমান মানুহৰ প্ৰাণ কাঢ়ি নিয়ে তাতকৈ বানপানী গুচি যোৱাৰ পিছত বানাক্ৰান্ত অঞ্চলত দেখা দিয়া মহামাৰীৰ বাবে বহু বেছি মানুহৰ মৃত্যু হয়।

Apply Now

বানপানী গুচি যোৱাৰ পিছত বানাক্ৰান্ত অঞ্চলত সাধাৰণতে মূলতঃ দুই ধৰণৰ বেমাৰৰ সংক্ৰমণ হোৱা দেখা যায় যিবিলাকে যিকোনো সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে।

১.লেতেৰা পানীৰ জৰিয়তে বিয়পা বেমাৰ যেনে- কলেৰা বা ডায়েৰিয়া, টাইফয়েড জ্বৰ, হেপাটাইটিছ এ, লেপ্টস্পাইৰছিছ ইত্যাদি।

২.মহ বা তেনেকুৱা জীৱৰ জৰিয়তে বিয়পা বেমাৰ যেনে-মেলেৰিয়া, ডেঙ্গি, ৱেষ্ট নাইল ফিভাৰ ইত্যাদি।

উল্লেখ কৰা অনুসৰি বেমাৰ যদিও বানাক্ৰান্ত অঞ্চলসমূহত মহামাৰী ৰূপে থিয় দিয়াৰ সম্ভাৱনা থাকে তথাপিও চহৰাঞ্চলত বিশেষকৈ মেলেৰিয়া, ডেঙ্গি আদি হোৱাৰ সম্ভাৱনা অধিক।
ইফালে গাওঁ অঞ্চলত মেলেৰিয়া ডেঙ্গিৰ উপৰিও কলেৰা বা ডায়েৰিয়া, টাইফয়েড জ্বৰ ইত্যাদি হোৱাৰ খুব সম্ভাৱনা থাকে।

বানপানী গুচি যোৱাৰ পিছত বানাক্ৰান্ত অঞ্চলত সাধাৰণতে অত্যাধিক লেতেৰা পৰিবেশে বিৰাজ কৰে। বিশুদ্ধ খোৱা পানীৰ অভাৱ, যতে ততে প্ৰেচাব পায়খানা কৰা, লেতেৰা পানীৰেই গা ধোৱা বা প্ৰেচাব পায়খানা কৰা, বাৰীৰ শাক পাচলি বানপানীত নষ্ট হৈ যোৱাৰ ফলত অপুষ্টিকৰ আৰু লেতেৰা খাদ্য খোৱা, গ্ৰাম্যাঞ্চলৰ সৰু লৰা ছোৱালীয়ে লেতেৰা বোকা পানীত খেলা ধূলা কৰা, পিছ পৰা চৰ অঞ্চলত বানাক্ৰান্ত বহুত মানুহ একেলগে এটা নিৰ্দিষ্ট ঠাইত কেম্প কৰি থকা।

বানপানী গুচি যোৱাৰ পিছত প্ৰচন্ড ৰদ বা গৰম, চহৰাঞ্চলত যতে ততে লেতেৰা পানী জমা হোৱাৰ ফলত তাত বেমাৰ সৰবৰাহকাৰী মহৰ অত্যাধিক বংশবৃদ্ধি ইত্যাদিয়ে বানাক্ৰান্ত অঞ্চলসমূহৰ পৰিবেশ আৰু অধিক অস্বাস্থ্যকৰ কৰি তোলে।

ইয়াৰ উপৰিও বানপানী গুচি যোৱাৰ পিছত গ্ৰাম্যাঞ্চলত যতে ততে জমা হৈ থকা লেতেৰা পানীত আবদ্ধ হৈ থকা সৰু সৰু মাছ অত্যাধিক খোৱাৰ ফলতো ডায়েৰিয়া বা ডিচেন্ট্ৰি হোৱাৰ সম্ভাৱনা থাকে। বানাক্ৰান্ত অঞ্চলত মানুহ বিলাক লেতেৰা পানীৰ সংস্পৰ্শলৈ আহিলেই সেয়া খোৱাৰ মাধ্যমেৰেই হওঁক বা ব্যৱহাৰৰ মাধ্যমেৰেই হওঁক, বেমাৰৰ বীজাণুবিলাক তৎক্ষণাৎ মানুহৰ দেহলৈ বিয়পি যোৱাৰ সম্ভাৱনা থাকে কিন্তু তৎমুহূৰ্ততে বেমাৰৰ লক্ষণবোৰ দেখা নিদিবও পাৰে।

সেই কাৰণে কেতিয়াবা বানপানী গুচি যোৱাৰ দুই তিনি সপ্তাহ পিছতহে বেমাৰৰ প্ৰাদূৰ্ভাৱ বেছি হোৱা দেখা যায়। এই সময়ত বানাক্ৰান্ত মানুহৰ দেহত দেখা দিয়া সাধাৰণ লক্ষণসমূহ হল-

জ্বৰ, মূৰৰ বিষ, পেটৰ ভিতৰত কামোৰৰ নিচিনা বিষ আৰু ডায়েৰিয়া অৰ্থাৎ অত্যাধিক পনীয়া শৌচ। ইয়াৰ উপৰিও লেপ্টস্পাইৰছিছৰ প্ৰাৰম্ভিক সাধাৰণ লক্ষণ যেনে জ্বৰ, গাৰ বিষ, মূৰৰ বিষ ইত্যাদি হেপাটাইটিছ এ ৰ সাধাৰণ লক্ষণ যেনে সামান্য জ্বৰৰ লগতে ভোক নলগা, অলস বা দুৰ্বলতা, বমিৰ ভাব, পেটৰ বিষ, অত্যাধিক হালধীয়া প্ৰেচাব বা পায়খানা, চকু আৰু ছালৰ ৰং হালধীয়া হোৱা দেখা দিব পাৰে।

টাইফয়েড জ্বৰৰ প্ৰাৰম্ভিক সাধাৰণ লক্ষণ যেনে মূৰৰ বিষ, অত্যাধিক জ্বৰ, পনীয়া শৌচ, অৰুচি, টেঙা উগাৰ ইত্যাদি। কলেৰাৰ সাধাৰণ লক্ষণ যেনে অত্যাধিক পনীয়া শৌচ, বমি, পেটৰ বিষ ইত্যাদি। মেলেৰিয়াৰ সাধাৰণ লক্ষণ যেনে প্ৰচন্ড জ্বৰ লগতে মূৰৰ বিষ, কপি কপি জ্বৰ, ঠান্ডা লগা, বমি, গাৰ বিষ ইত্যাদি।

ডেঙ্গিৰ প্ৰাৰম্ভিক সাধাৰণ লক্ষণ যেনে প্ৰচন্ড জ্বৰৰ লগতে অৰুচি, বমি, ছাল ৰঙা পৰি যোৱা, ছালৰ তলত তেজ গোট মাৰি সৰু সৰু ৰঙা দাগ হোৱা, খুব গাৰ বিষ, ইত্যাদি লক্ষণ দেখা দিব পাৰে।

বানাক্ৰান্ত অঞ্চলসমূহত সজাগতাৰ ব্যৱস্থা অতি প্ৰয়োজনীয়। সেয়েহে বানাক্ৰান্ত অঞ্চলসমূহত :-

১.বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আৰু যদি বিশুদ্ধ পানীৰ ব্যবস্থা নাই তেন্তে পানী উতলাই গৰম কৰি নাইবা পানীৰ লগত ক্লৰিন টেবলেট মিহলাই খাব লাগে।

২. জ্বৰৰ কাৰণে ঔষধ খাব লাগে। যিকোনো জ্বৰৰ ক্ষেত্ৰত তৎক্ষণাৎ তেজ পৰীক্ষাৰ ব্যবস্থাও কৰিব লাগে।

৩. খোৱা বোৱাৰ আগতে নিজৰ হাত চাবোনেৰে পৰিস্কাৰ কৰি লব লাগে।

৪. খোৱা খাদ্য ঢাকি ৰাখিব লাগে আৰু খোৱা বস্তু খোৱাৰ আগত পৰিস্কাৰকৈ ধুই লব লাগে।

৫. লেতেৰা পানীৰ সংস্পৰ্শলৈ অহা পিন্ধা কাপোৰ কানি পৰিস্কাৰকৈ ধুই ৰাখিব লাগে, পাৰিলে কুহুমীয়া পানীৰে ধুব লাগে।

৬. সৰু লৰা ছোৱালীয়ে খেলা ধূলা কৰা পুতলা বা তেনে বস্তুক পৰিস্কাৰকৈ ধুই ৰাখিব লাগে।

৭. যিকোনো ধৰণৰ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, পনীয়া শৌচ ইত্যাদি হলে তৎক্ষণাৎ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে।

৮. শিবিৰ বিলাকত শৌচ প্ৰেচাবৰ কাৰণে স্বাস্থ্যসন্মত শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগে।

৯. ঘৰৰ ওচৰত যিকোনো ঠাইত বা পাত্ৰত যাতে পানী আবদ্ধ হৈ নাথাকে তাৰ প্ৰতি চকু দিব লাগে।

১০. ৰাজনীতিবিদ সকলে ৰাজনীতি পৰিত্যাগ কৰি বানাক্ৰান্ত শিবিৰৰ মানুহ খিনিৰ বাবে পুষ্টিকৰ খাদ্য, বিশুদ্ধ খোৱা পানী, স্বাস্থ্যসন্মত শৌচাগাৰ ইত্যাদিৰ লগতে স্বাস্থ্যজনিত সজাগতাৰ ব্যৱস্থা কৰি লাগে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd