বোকাখাতৰ পানবাৰীত গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যু; হত্যাৰ সন্দেহত স্বামীক গ্ৰেপ্তাৰ

622229-murder-case-110417-1-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

বোকাখাতৰ পানবাৰী আদৰ্শ গাঁৱত ২০ চেপ্তেম্বৰত ৰহস্যজনক ভাৱে নিজৰ শোৱনী কোঠাত চিপ জৰি লৈ থকা অৱস্থাত নিকিতা দাস নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে এক ৰহস্যৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা বহাগ মাহত বোকাখাত পানবাৰী আদর্শ গাঁৱৰ নাৰায়ণ দাসৰ সৈতে বিবাহ হৈছিল নুমলীগড়ৰ বিষ্ণুপুৰৰ নিকিতা দাসৰ৷ একমাত্র যৌতুকৰ বাবে স্বামী নাৰায়ণ দাসে পৰিয়ালৰ সহযোগত নিকিতাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ কৰিছে নিকিতা দাসৰ পৰিয়ালে। জানিব পৰা মতে বিবাহৰ পাছৰে পৰাই স্বামী-স্ত্ৰীৰ মাজত সামান্য কথাতেই কাজিয়া সূত্রপাত হৈ আহিছিল ৷

আচলতে এয়া আত্মহত্যা নে পৰিকল্পিত হত্যা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও স্থানীয় ৰাইজৰ মাজত এই ঘটনাই যথেষ্ট কৌতুহলৰ সৃষ্টি কৰিছে।

ঘটনাৰ উমান পোৱাৰ লগে লগে ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে৷ ইপিনে, নিকিতা দাস পৰিয়ালৰ লোকে এই সমগ্র ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি বোকাখাত আৰক্ষীক অৱগত কৰে আৰু যৌতুকেৰ বাবেই নিকিতাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ  অভিযোগেৰে নিকিতাৰ পিতৃ অকনমান দাসে এখন এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি ভৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধাৰাত মৃত নিকিতা দাসৰ স্বামী নাৰায়ণ দাসক গ্রেপ্তাৰ কৰিছে ।