• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিঙ্গাত তিনিখনকৈ এম্বুলেন্স আৱদ্ধ, কানসাৰ নাই কৰ্তৃপক্ষৰ! খোজকাঢ়িবলগীয়া হ’ল অন্ত:সত্ত্বা মহিলাই

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 10, 2021 10:17 am
IMG20210609162737

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্বত্য ডিমা হাছাওত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক আৰু কিমান দিন লাগিব? সংস্থাটোৰ সঠিক পৰিকল্পনাৰ অভাৱত সংকটত পৰিছে পাহাৰীয়া ৰাইজ।

সংস্থটোৰ বিষয়াসকলৰ ব্যৰ্থতা বাবে প্ৰতি মুহূৰ্ততে ইয়াৰ ফল ভুগিছে সাধাৰণ ৰাইজে। যাৰ বাবে কালি ইয়াৰ পৰা ১২ কিলোমিটাৰ নিলগত ঘন্টাৰ পাছত ঘন্টা ক’ভিড ৰোগী তথা অন্ত:সত্ত্বা মহিলাক হাস্পতাললৈ কঢ়িয়াই নিয়া এম্বুলেন্স ৰৈ থাকিব লগা হ’ল।

Apply Now

উল্লেখ্য, ইষ্ট ৱেষ্ট কৰিড’ৰ এনএইচ-২৭ৰ হাফলঙৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ জাতিঙ্গাৰ এন লেইকুল গাঁওৰ ওচৰত তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ বাবে এখন লৰী আৱদ্ধ হৈ যানজঁটৰ সৃষ্টি কৰে। যাৰ বাবে হাফলং অভিমুখে যোৱা তিনিখনকৈ এম্বুলেন্স ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব লগা হয়।

পাছত আৱদ্ধ হোৱা লৰীৰ চালকৰ উপৰি উপস্থিত গাড়ীচালক সকলে স্থানীয় ৰাইজৰ লগত কথা পাতি এখন প’কলেন মেচিন মাতি আনি লৰীখন টানি উঠাই দিয়াৰ পাছত পথটো সূচল হয়।

কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো হ’ল যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ বা জিলা দুৰ্যোগ মোকাবিলা ব্যবস্থাপনা বিভাগ থকাৰ পাছতো ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব লগা হয় ক’ভিড ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স বা ১০৮ পৰিসেৱাৰ বাহন।

ইয়াৰ বাবে খোজকাঢ়ি যোৱাত অক্ষম এগৰাকী অন্ত:সত্ত্বা মহিলাই খোজকাঢ়িব লগা হৈছিল। এই ঘটনাত ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা এক দশক ধৰি মাইবাঙৰ ইনৰিমবাংলোৰ পৰা জাতিঙ্গালৈ ২৪ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ কাম চলি আছে যদিও কিন্তু আজিলৈকে পথ নিৰ্মাণ হৈ উঠা নাই। বৰ্তমানে এই পথ নিৰ্মাণৰ দায়িত্বত আছে ৰত্না ইনফ্ৰা নামৰ বহিৰাগত ঠিকাদাৰী গোষ্ঠী। কিন্তু বাস্তৱত পথৰ উন্নয়ন একো হোৱা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে সাধাৰণ ৰাইজে যমৰ যন্ত্ৰনা ভুগিব লগা হৈছে।

অকল ভূতাত্ত্বিক সমস্যা আদি দৰ্শাই সংস্থাটোৱে চৰকাৰৰ কোটি কোটি টকাৰ ধন লুটিপুটি খোৱাৰ অভিযোগ উঠিছে। কিন্তু আৰু কিমান বছৰ চলিব এই দুৰ্নীতি? কেতিয়া সম্পন্ন হ’ব এই পথ নিৰ্মাণৰ কাম? সাধাৰণ ৰাইজে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd