• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান

শিৱজিত দত্ত by শিৱজিত দত্ত
June 26, 2019 5:33 pm
প্ৰেৰণা পুথিভঁৰালৰ মূল ব্যক্তি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা (বাওঁফালৰজন)

প্ৰেৰণা পুথিভঁৰালৰ মূল ব্যক্তি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা (বাওঁফালৰজন)

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্বাধীনতা আন্দোলন কেৱল এক ৰাজনৈতিক আন্দোলনেই নাছিল, মানৱতাৰ উত্তৰণৰ ই আছিল এক সৰ্বাত্মক প্ৰয়াসো। সামাজিক-সাংস্কৃতিক সকলো দিশতে এক আধুনিক মননৰ ভিত্তিত ই আছিল উদ্দীপ্ত মনুষ্যত্বৰেই এক সাধনা – কাৰ্যতঃ ভাৰত-মনীষাৰ এক নৱ-জাগৰণ। স্বাধীনতাৰ তিনি দশকমান পিছলৈকে ইয়াৰ প্ৰেৰণা আছিল অব্যাহত।

শিৱ আৰু সুন্দৰৰ লগতে সত্যৰো অৰ্থাৎ জ্ঞানৰো সাধনা চলিছিল গাঁৱে-নগৰে। “জ্ঞানে পৰিসমাপ্যতে”ৰ প্ৰেৰণাদায়ী মুক্তি-মংগল-ভটিমা বুকুত থাপি, নৱালোক-স্পৰ্শিত মধ্যবিত্ত-নেতৃত্বৰ হাতত ধৰি, গাঁও-ভুঁইৰ মেহনতী মানুহে, ভাৰতৰ বুনিয়াদী জনতাই, বিদ্যালয় পাতিছিল, মহাবিদ্যালয়ৰ আধাৰশিলা থাপিছিল। তেজাল বদনৰ অসমীয়া আৰু ভাৰতীয় ডেকাদলে, সংঘ পাতি, পুথিভঁৰাল থাপি গাঁৱে-গাঁৱে বন্তি জ্বলাইছিল। চৰকাৰেও কিঞ্চিৎ হাত-উজান দিছিল। ভাৰতীয় সমাজ-সংস্কৃতিক পুঁজিবাদী বিশ্বায়নে ক্ৰমশঃ কুক্ষিগত কৰি অনাত, স্বাধীনতায়ো ‘সবকা সাথ সবকা বিকাশ’ নঘটোৱাত, ভাৰতৰ মধ্যবিত্ত অনুক্ৰমে অসাধাৰণ আত্মকেন্দ্ৰিক আৰু ধান্দাবাজ হৈ পৰাত, পূৰ্বৰ সেই ৰাজহুৱা প্ৰেৰণা ‘পাতালে লুকাল’;  সৰ্বাত্মক মুনুষ্যত্বৰ সাধনাও মুজুৰা পৰিল।

আন্ধাৰ ৰাতি মেঘাবৃত আকাশত দুই-এটা নিঃসংগ তৰাৰ জিলিঙনিয়েও ত্ৰস্ত পথিকক কিঞ্চিত সকাহ দিয়ে। নলবাৰী জিলাৰ পশ্চিমাঞ্চলৰ বিহামপুৰগাঁৱত বাঁহজানীৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ব্যক্তিগত উদ্যোগত কিন্তু ৰাজহুৱা স্বাৰ্থত নিজ পৰিয়ালৰ লগতে আন বহু সহমৰ্মী লোকৰ সহযোগত প্ৰতিষ্ঠা আৰু লালন কৰা “প্ৰেৰণা পুথিভঁৰাল” পূৰ্বোক্ত ধৰণৰ প্ৰেৰণাবাহী এক অকলশৰীয়া জ্যোতিষ্মান তৰা। নানাজনৰ নানাৰকমৰ বৰঙণি তাত আছে; কৰ্মীবাহিনী-পৰিচালকবাহিনী আছে;  কিন্তু তাৰ ধনবল, পৰিকল্পনা, প্ৰযোজনা আৰু পৰিচালনা ঘাইকৈ শ্ৰী শৰ্মাৰ। গাঁঠিৰ ধনেৰে তেখেতে প্ৰায় ২৫ লাখ টকীয়া দুমহলীয়া পুথিভঁৰাল-গৃ্হ সজাইছে, অনেক গ্ৰন্থ আৰু আলমাৰী ক্ৰয় কৰিছে, অন্যান্য যাৱতীয় খা-খৰচত আগভাগ লৈ আহিছে। শুভাকাংক্ষীৰ দাঁন-বৰঙণি লৈছে, কিন্তু চৰকাৰ বা ৰাজনৈতিক দলৰ অনুগ্ৰহ-প্ৰাৰ্থী হোৱা নাই।

২০০০ চনত থাপিত এই পুথিভঁৰাল আজিলৈকে পঞ্জীকৃত হোৱা নাই। কিন্তু, পঞ্জীকৃত আৰু নামত ৰাজহুৱা বহু অনুষ্ঠানৰ তুলনাত ইয়াৰ হৃৎস্পন্দন আৰু ৰক্ত-সঞ্চালন বহুত বেছি। ই স্পৰ্শ আৰু অনুপ্ৰাণিত কৰি আছে পশ্চিম নলবাৰীৰ প্ৰায় শতাৰ্ধ গাঁৱৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক; সমবেত কৰিছে অঞ্চলটোৰ বহু বিদ্বান, শিল্পী, সমাজকৰ্মীক।

অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু সংস্কৃত ভাষাৰ কেবা হেজাৰো চালে-চকুৰোৱা, বাচকবনীয়া গ্ৰন্থ-সম্বলিত “প্ৰেৰণা”ত প্ৰতি দেওবাৰে উখল-মাখল পৰিবেশ। ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন আগ্ৰহী পাঠকো আহে কিতাপ নিয়া-ঘূৰোৱা কৰিবলৈ; কামখিনি সুচাৰুৰূপে কৰিবলৈ প্ৰতি দেওবাৰে শ্ৰী শৰ্মাৰ লগত অবৈতনিক কৰ্মী হিচাপে থাকে এজাক তেজাল তৰুণ-তৰুণী। অৰ্থাৎ জ্ঞান-সাধনাৰ লগে লগে সামাজিক দায়বদ্ধতা আৰু সংগঠিত কাম-কাজৰ অনুশীলনৰ অৱকাশো দিছে “প্ৰেৰণা”ই। বিভিন্ন ভাষাৰ নিৰ্বাচিত গ্ৰন্থ-সম্ভাৰৰ লগতে প্ৰাথমিক পৰ্যায়ৰপৰা স্নাতকোত্তৰ মহলালৈকে পাঠ্যপুথি যোগান ধৰি ছাত্ৰ-ছাত্ৰীৰ অবিস্মৰণীয় উপকাৰ সাধিছে পুথিভঁৰালটোৱে। তদুপৰি কেন্দ্ৰীয় সংগঠনৰ ভূমিকা লৈ ”প্ৰেৰণা”ই চলাই ৰাখিছে আন দুটামান ফলপ্ৰসু অনুষ্ঠান।

সদস্যসকলৰ স্বৰচিত গল্প-কবিতা, নাট-নিবন্ধ পাঠ আৰু আলোচনা কৰাৰ নিমিত্তে “সাধনা সাহিত্য চ’ৰা”ৰ বেনাৰত প্ৰতিমাহে অনুষ্ঠিত কৰে একোখন বৈঠক। কেবাগৰাকীও লেখক-লেখিকা তাৰ অম্লজান লৈ আগবাঢ়ি গৈছে। এই চ’ৰাৰ বুকুতেই অৱশ্যে “প্ৰেৰণা”ও ভূমিষ্ঠ হৈছিল। আন এটি সংলগ্ন অনুষ্ঠান “আশা সাহায্য নিধি”। ইচ্ছুকজনৰপৰা দহ-বিশ, পঞ্চাশ-এশ টকাকৈ তুলি এই নিধিৰ বাবে ধন সংগ্ৰহ কৰা হয় আৰু তাৰে অতি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সময়ে সময়ে সহায় কৰা হয়। বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত “প্ৰেৰণা”ৰ এটা সক্ৰিয় শাখাও স্থাপিত হৈছে। ৰাজ্যজুৰি সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰা “প্ৰেৰণা”ই নানা সজাগতা কাৰ্যসূচী ৰূপায়িত কৰে আৰু প্ৰতি দেওবাৰে এখনি কুইজ অনুষ্ঠিত কৰে।

দেখাত ব্যক্তিগত এই অনুষ্ঠানে সিদ্ধান্ত গ্ৰহণ কৰে ঘাইকৈ পৰিচালক-মণ্ডলীৰ মাজত হোৱা আলাপ-আলোচনাৰ মাজেদি। নামত ৰাজহুৱা বহু অনুষ্ঠানতে এনে গণতান্ত্ৰিক অনুশীলন দুৰ্লভ আৰু ৰাজহুৱা স্বাৰ্থত এনে প্ৰাণস্পন্দনো পৰ্বতৰ কাছ কণীৰ লেখীয়া। আচলতে ৰাজহুৱা অনুষ্ঠানৰ পৰিচালনা সমিতিৰ উপদেষ্টা, সভাপতি, সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য, সাধাৰণ সদস্য আদি সম্বলিত গাঁথনিটো সামন্ততন্ত্ৰৰ পিৰামিডীয় গাঁথনিৰেই অনুকৰণ। বহু অনুষ্ঠানতে  নিৰ্বাচনৰ ব্যৱস্থা থাকিলেও মূৰকত একেকেইজন ব্যক্তিৰ মাজতেই দীৰ্ঘকাল ক্ষমতাৰ ভাগ-বটোৱাৰা হৈ থাকে, হিচাপ-নিকাচো বহু সময়ত স্বচ্ছ নহয়, ৰাইজৰ উপকাৰত অহা কামৰ পৰিমাণো তেনেই কম। তেনে বহু অনুষ্ঠানতে গণতন্ত্ৰৰ চোকোৰাটো থাকে, কিন্তু শাহ অন্তৰ্হিত।

বহুতৰ বাবেই প্ৰেৰণা, সাধনা আৰু আশাৰ মঞ্চত পৰিণত হোৱা “প্ৰেৰণা পুথিভঁৰাল”ৰ কাম-কাজ আৰু গাঁথনি সকলোৰে চৰ্চাৰ বিষয় হোৱা বাঞ্চনীয়।

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd