• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালা ভ্ৰমণত দুৰ্ঘটনাগ্ৰস্ত ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ! অৱতৰণৰ সময়ত ভাঙি পৰিল হেলিপেডৰ এটা অংশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2025 12:56 pm
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কেৰালা ভ্ৰমণৰ সময়ত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। বুধবাৰে পুৱা তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰি থকাৰ সময়তে হেলিপেডখনৰ এটা অংশ ভাঙি পৰে। সেই সময়ত হেলিকপ্টাৰখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল যদিও পাইলটৰ দক্ষতা আৰু উপস্থিত নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবে এক বৃহৎ বিপদৰ ৰক্ষা পৰে। কেৰালাৰ পাঠানামথিটা জিলাৰ প্ৰমাদম ষ্টেডিয়ামত সংঘটিত হৈছে এই ঘটনা।

সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ কিছু সময়ৰ পিছতে নতুন হেলিপেডটোৰ এটা অংশ ভাঙি পৰে। অতিৰিক্ত ওজনৰ বাবে হেলিকপ্টাৰখনৰ পিছফালৰ অংশ তললৈ বহি গৈছিল। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোকে দ্ৰুতগতিত নামি পৰে।

Apply Now

ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিষয়াসকলে নিৰাপত্তাৰ বাবে ভাঙি পৰা ঠাইটোৰ পৰা হেলিকপ্টাৰখন ঠেলি নিছে। কেইমিনিটমানৰ চেষ্টাৰ অন্তত হেলিকপ্টাৰখন নিৰাপদ স্থানলৈ লৈ যোৱা হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পাইলটৰ বাহিৰে হেলিকপ্টাৰখনৰ ভিতৰত আছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক আহত হোৱা নাই বা ডাঙৰ ক্ষতি হোৱা নাই।

জানিব পৰা মতে, ৰাষ্ট্ৰপতি মুৰ্মু বৰ্তমান চাৰিদিনীয়া কেৰালা ভ্ৰমণত আছে। মঙলবাৰে সন্ধিয়া তেওঁ তিৰুৱনন্তপুৰমত উপস্থিত হয়। বিমানবন্দৰত তেওঁক আদৰণি জনায় কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ লগতে কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰীয়ে।

বুধবাৰে পুৱা তেওঁ সবৰীমালা মন্দিৰলৈ ৰাওনা হয়। সেই সময়ত প্ৰামাদম ষ্টেডিয়ামত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ইয়াৰ পিছত যেতিয়া পৰিস্থিতি স্বাভাৱিক হ’ল, তেতিয়া তেওঁ ৰাস্তাৰে গন্তব্যস্থানলৈ ৰাওনা হ’ল।

ট্ৰাভানকোৰ দেৱস্বম ব’ৰ্ডৰ বিষয়াসকলে কয় যে ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সকলো ব্যৱস্থা আগতীয়াকৈ কৰা হৈছে। পৰিকল্পনা অনুযায়ী স্বামী আয়্যাপ্পান পথ আৰু পৰম্পৰাগত ট্ৰেকিং পথেৰে পাঁচখন গাড়ী আৰু এম্বুলেন্সৰ কনভয়ত তেওঁ সান্নিধানম পাব লাগিছিল। মন্দিৰ পৰিদৰ্শন কৰি ৰাষ্ট্ৰপতিগৰাকী তিৰুৱনন্তপুৰমলৈ উভতি অহাৰ কথা।

ঘটনাৰ পিছতে প্ৰশাসনে এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে। কেনেদৰে হেলিপেড ভাঙি গ’ল সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে। স্থানীয় বিষয়াসকলে জনোৱা মতে, তৎপৰতাৰ বাবেই এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰিব পৰা গ’ল।

বৰ্তমান ৰাষ্ট্ৰপতি নিৰাপদ আৰু এতিয়াৰ বাবে তেওঁৰ ভ্ৰমণৰ সময়সূচীত কোনো পৰিৱৰ্তন হোৱা নাই। যদিও এই কাণ্ডই সমগ্ৰ ৰাজ্যতে উদ্বেগ বিয়পাইছে, তথাপিও পৰিস্থিতি চম্ভালিবলৈ নিৰাপত্তাৰক্ষীৰ তৎপৰতা আৰু ভূমিকাক প্ৰশংসা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd