Opposition parties letter to the President বিৰোধীৰ বিৰুদ্ধে ’প্ৰতিশোধ’ ল’বলৈ কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰিছে বিজেপিয়ে, ৰাষ্ট্ৰপতি মুৰ্মুলৈ বিৰোধী সাংসদৰ পত্ৰ

দেশৰ নতুন ৰাষ্ট্ৰপতিৰ ওচৰত আজি ক্ষোভ উজাৰিলে বিৰোধী দলৰ একাংশ সাংসদে।বিজেপিয়ে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে আৰু বিৰোধীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি অহা বুলি আজি বিৰোধী দলৰ সাংসদ একাংশই মুকলিকৈয়ে অভিযোগ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুলৈ লিখা এখন পত্ৰত যেন বিৰোধী সাংসদসকলে ক্ষোভৰ বিস্ফোৰণ ঘটায়।

বিৰোধী সাংসদসকলে ৰাষ্ট্ৰপতি মুৰ্মুলৈ লিখা পত্ৰ খনত স্পষ্টভাবে এই কথা প্ৰকাশ কৰে যে বিজেপিয়ে কেন্দ্ৰীয় সংস্থা সমূহক নিজৰ মতে ব্যৱহাৰ কৰি গৈছে।বিৰোধী সাংসদসকলে মূল্যবৃদ্ধি আৰু জিএছটি বৃদ্ধিৰ বিষয়তো চৰকাৰক উভতি ধৰে।পত্ৰ খনত কোৱা হৈছে যে চৰকাৰে বিৰোধীৰ প্ৰতি প্ৰতিশোধ লোৱাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

বিৰোধীয়ে মুৰ্মুলৈ লিখা পত্ৰখনৰ আৰম্ভণিতে তেওঁলোকে ৰাষ্ট্ৰপতিলৈ শুভেচ্ছা জ্ঞাপন কৰে। পত্ৰ খনত কোৱা হৈছে “অতি দুৰ্ভাগ্যজনক কথাটো হ’ল , চৰকাৰৰ কঠোৰ স্থিতিৰ বাবেই সংসদৰ বৰ্ষাকালীন অধিৱেশন ব্যাহত হৈছে। মূল্য বৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটিৰ আৰোপ কৰাৰ বিষয়ত চৰকাৰে কোনো আলোচনা নিবিচাৰে।

মোডী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ পদ্ধতিৰ প্ৰতিও আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো।” বিৰোধীৰ এই পত্ৰ খনে এতিয়া নতুন ৰাষ্ট্ৰপতি মুৰ্মুকো ভবাই তোলা পৰিলক্ষিত হৈছে। তেওঁ অৱশ্যে বিৰোধীৰ অভিযোগ সন্দৰ্ভত কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে তাকে চাবলৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে।