• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 11:35 am
পুটিনৰ সৈতে বেলাৰুচৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। ফটো: সংগ্ৰহীত।

পুটিনৰ সৈতে বেলাৰুচৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। ফটো: সংগ্ৰহীত।

454
VIEWS
Share on FacebookShare on Twitter

ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ এক ৰুদ্ধদ্বাৰ বৈঠকত বহিছিল। ইয়াৰ পিছতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, তেওঁৰ শাৰীৰিক অৱস্থা অতি শোচনীয়। ইতিমধ্যে তেওঁৰ শৰীৰৰ তেজ সলনি কৰা হৈছে।

লুকাচেংকোৰ বৰ্তমান অৱস্থা ইমানেই সংকটজনক যে বিমান যাত্ৰাৰ বাবে সক্ষম নোহোৱাৰ বাবে তেওঁক চিকিৎসাৰ বাবে নিজৰ দেশলৈও উভতাই নিবও নোৱাৰি। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ৰাছিয়াৰ চোৰাংচোৱা সেৱাৰ সদস্যসকলে হয়তো বেলাৰুছৰ ৰাষ্ট্ৰপতিক বিষ প্ৰয়োগ কৰিছিল।

লগতে পঢ়ক: পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

বেলাৰুছৰ প্ৰশাসনে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সঠিকভাৱে কি হ’ল সেই বিষয়ে মুখ মেলিবলৈ অনিচ্ছুক। অৱশ্যে লুকাচেংকোৰ অৱস্থাৰ খবৰ প্ৰকাশ কৰিছে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ভেলেৰী চেপকালোৱে। তেওঁ লুকাচেংকোৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

সূত্ৰ অনুসৰি চেপকালোৱে কয় যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকী এতিয়া মস্কোৰ চেন্ট্ৰেল ক্লিনিকেল হস্পিতালত চিকিৎসাধীন হৈ আছে। মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।

লগতে পঢ়ক: মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ; নতুন হিংসাত ৫ জন লোকৰ মৃত্যু, ১২ জন আহত

বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক অৱস্থা অতি চিন্তনীয় বুলিও চেপকালোৱে জনায়। তেওঁক কঠোৰ নিৰীক্ষণত ৰখা হৈছে। লুকাচেংকোৰ চিকিৎসাৰ বাবে একাধিক স্থানৰ পৰা বিশেষজ্ঞ চিকিৎসকক বিমানেৰে মস্কোলৈ লৈ যোৱা হৈছে। কাৰণ তেওঁক মস্কোৰ পৰা আঁতৰাই আন ঠাইলৈ নিয়াৰ কোনো উপায় নাই।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থতাৰ আঁৰত ৰাছিয়া বুলি দাবী কৰিছে চেপকালোৱে। তেওঁ কয়, “লুকাচেংকোক বচাবলৈ ইমান প্ৰচেষ্টা আচলতে এক নাটক। ক্ৰেমলিনে তেওঁৰ ওপৰত বিষ প্ৰয়োগ কৰিছিল। সেয়ে, চিকিৎসাৰ ক্ষেত্ৰত ইমানেই তৎপৰতা দেখুৱাইছে যাতে নিজৰ গাত দোষ নপৰে।”

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

উল্লেখ্য যে, ভূ ৰখা মহলৰ দাবী যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাছিয়াৰ চোৰাংচোৱা বিভাগে বিষাক্ত দ্ৰব্য খুৱাইছিল। কিছুদিন পূৰ্বে লুকাচেংকোৱে কৈছিল যে ৰাছিয়াই তেওঁৰ দেশত পাৰমাণৱিক অস্ত্ৰ মোতায়েন কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়তো লুকাচেংকোৱে পুটিনক বাৰে বাৰে সমৰ্থন কৰি আহিছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd