নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চামগুৰিৰ পৰা লৰিমুখলৈ উলিওৱা কংগ্ৰেছৰ ৰোডশ্ব’ত বৰমা-কাৱৈমাৰী অঞ্চলত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাক লৈ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক জৰুৰী সংবাদমেল সম্বোধন কৰে। ঘটনাৰ সবিশেষ উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে চামগুৰিৰ পৰা লৰিমুখলৈ গৈ থকা অৱস্থাত কাৱৈমাৰীত সাংসদ ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা আৰু কেবাগৰাকীও বিধায়ক থকা কনভয়ৰ ওপৰত বিজেপিৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে বটল, শিলগুটি আৰু ইটাৰে ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহানে বুকু আৰু পেটত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে মূৰত আঘাত পায়। সাংসদ গৌৰৱ গগৈ আৰু প্ৰাৰ্থী শিৱামণি বৰা একেলগে থকা গাড়ীখনকে ধৰি প্ৰায় চাৰিখনকৈ গাড়ী ভাঙি লণ্ডভণ্ড কৰা হয়। কংগ্ৰেছ নেতাসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত এনে অপ্ৰীতিকৰ পৰিস্থিতি বা নিৰ্বাচনী হিংসা হ’ব পাৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু নগাঁও আৰক্ষীক লিখিতভাৱে পূৰ্বতেই সতৰ্ক কৰি দিয়াৰ উপৰিও স্থানীয় বিধায়কগৰাকীয়েও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিছিল। তাৰ পিছতো আৰক্ষী-প্ৰশাসনে কোনো নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী প্ৰাক্তন বিধায়িকা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ মহিলা প্ৰাৰ্থী শিৱামণি বৰাৰ মনোনয়ন বৈধ ঘোষণা হোৱাৰ পিছতো তেওঁক প্ৰাপ্য নিৰাপত্তা প্ৰদান কৰা নহ’ল। সংবাদমেলত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাসে গৃহ বিভাগ আৰু আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাই কয় যে অসমত গৃহ বিভাগ বা আৰক্ষী ব্যৱস্থা সঁচাকৈয়ে আছেনে নাই, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সমগ্ৰ ৰাইজে নিৰ্বাচনত এনে হিংসাত্মক ঘটনা ঘটিব বুলি আশংকা কৰাৰ পিছতো আৰক্ষী শুই থকাটোৱে প্ৰমাণ কৰে যে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁ অভিযোগ কৰে যে প্ৰাৰ্থীক সুৰক্ষা দিব নোৱাৰা, প্ৰচাৰ চলাবলৈ যোৱা নেতাক আক্ৰমণ কৰা আৰু মুখত ক’লা কাপোৰ বান্ধি গুণ্ডা আহি আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে নিৰ্বাক দৰ্শকৰ ভূমিকা পালন কৰিছে। আৰক্ষীয়ে নিজৰ জিম্মাত থকা লোকক গুলীয়াব পাৰে যদিও এনে গুণ্ডাগিৰি ৰোধ কৰিব নোৱাৰে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে মুখ্যমন্ত্ৰীক তেল মৰাত ব্যস্ত থকাৰ বাবেই অসমৰ পৰিস্থিতি এতিয়া পূৰ্বৰ বিহাৰ-ইউ পিৰ দৰে কলংকিত হৈ পৰিছে বুলি তেওঁ ক্ষোভ উজাৰে। শাসকীয় দলে যদি বিৰোধীক প্ৰচাৰ চলাবলৈ নিদিয়ে, তেন্তে নিৰ্বাচন পতাৰ ভেকোভাওনা বন্ধ কৰি নিজৰ প্ৰাৰ্থীক পোনপটীয়াকৈ বিজয়ী ঘোষণা কৰি দিবলৈও তেওঁলোকে নিৰ্বাচন আয়োগ আৰু বিজেপিক প্ৰত্যাহ্বান জনায়। ইয়াৰ উপৰিও চামগুৰিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ ওপৰতো আক্ৰমণ আৰু মাৰপিট সংঘটিত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়া হয়। সাংবাদিকসকলে ৰাজপথত ধৰ্ণা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত কংগ্ৰেছে কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সুৰক্ষা দিব নোৱাৰা চৰকাৰখনে এতিয়া নগাঁৱত বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকসকলক হেলমেট আৰু বুলেটপ্ৰুফ জেকেট প্ৰদান কৰা উচিত। প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত এই কাণ্ড সংঘটিত হৈছে নেকি বুলি প্ৰশ্ন তুলি ইয়াৰ এক উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰে নেতাসকলে। একেদৰে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম বা উপাধি চাই লক্ষ্য কৰি লোৱা মানসিকতাকো কংগ্ৰেছে তীব্ৰ সমালোচনা কৰা হয়। আনহাতে শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠানত আৰক্ষীয়ে এজন অনুৰাগীক প্ৰহাৰ কৰা ঘটনাৰ উচিত তদন্ত আৰু শাস্তি দাবী কৰাৰ লগতে এগৰাকী শাসকীয় বিধায়কে জুবিন গাৰ্গৰ বিৰুদ্ধে কৰা নিম্নৰুচিৰ মন্তব্যকো কংগ্ৰেছে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। সংবাদমেলত ডাঃ দাসে অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ প্ৰদেশ কংগ্ৰেছে অহা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ ‘যুৱ সংলাপ: Youth Conclave 2026’ শীৰ্ষক এক বৃহৎ আলোচনাচক্ৰৰ আয়োজন কৰাৰ কথা ঘোষণা কৰে। ইতিমধ্যে ৬৭১ জনতকৈ অধিক লোকে অনলাইনযোগে পঞ্জীয়ন কৰা এই সন্মিলনত তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব। প্ৰথম বিষয় ‘শিক্ষা আৰু নিয়োগ’ শিতানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব কানহাইয়া কুমাৰ আৰু পেনেলিষ্ট হিচাপে থাকিব ত্ৰিদীপ ভাগৱতী, মুজাহিদুল ইছলাম, মাধুৰীমা ফুকন আৰু গৌৰৱ কায়স্থ। দ্বিতীয় বিষয় ‘জলবায়ু পৰিৱৰ্তন বনাম উন্নয়ন’ শিতানত মুখ্য বক্তা হিচাপে বিখ্যাত পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকনৰ লগতে যুৱ পেনেলিষ্টসকল উপস্থিত থাকিব। তৃতীয় বিষয় ‘অসমৰ সংস্কৃতি: আমাৰ সংস্কৃতি, আমাৰ পৰিচয়’ শিতানত মুখ্য বক্তা হিচাপে বিশিষ্ট সংগীত পৰিচালক মানস ৰবীন আৰু পেনেলিষ্ট হিচাপে শিল্পী নীলিম মহন্ত, অগ্নিদীপ শৰ্মা, দিল্লী বিশ্ববিদ্যালয়ৰ সুকন্যা দত্ত আৰু দিগন্ত ভাৰতী উপস্থিত থাকিব বুলি সদৰী কৰি কংগ্ৰেছে ৰাজ্যৰ সকলো ছাত্ৰ, যুৱক-যুৱতী আৰু বুদ্ধিজীৱীক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ আৰু এপিচিচিৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰেও অংশগ্ৰহণ কৰে।





