জনজাতিকৰণ বিধেয়ক অসমৰ ১৪ টা খিলঞ্জীয়া জনজাতিক নি:শেষ কৰাৰ ষড়যন্ত্ৰ

maxresdefault

প্ৰমোদ বড়ো: ফটো সৌজন্য: উইকিপিডিয়া

অসমৰ ছয়টা জনগোষ্ঠীৰ জনজাতি কৰণকলৈ ৰাজনীতি চলি থকাৰ সময়তে সোমবাৰে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জনজাতিকৰণ বিধেয়ক সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।কেন্দ্রীয় চৰকাৰে অসমৰ জনজাতি সমূহক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ পাছত এতিয়া জনজাতিকৰণ বিধেয়কৰ জৰিয়তে অসমৰ ১৪ টা জনজাতিক নিঃশেষ কৰাৰ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰিছে সমিতিখনে।

কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে কেৱল ৰাজনৈতিক লাভালাভ আৰু ভোট বেংকৰ স্বাৰ্থত ভাৰতৰ মহাপঞ্জীয়কে বিগত সময়ত আঠবাৰকৈ চৰকাৰৰ জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। আমবাৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত সোমবাৰে অনুষ্ঠিত কৰা এখন  সংবাদমেলত এইদৰে মন্তব্য আগবঢ়াইছে সমিতিখনৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে।

জনজাতিকৰণ বিধেয়কখন গৃহীত হ’লে বিধানসভা, লোকসভাকে সামৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সা-সুবিধা আৰু নিয়োগৰ পৰা জনজাতীয় লোকসকল বঞ্চিত হ’ব বুলি উল্লেখ কৰি খাখলাৰীয়ে কোনো চৰ্তৰ বিনিময়ত জনজাতিসকলৰ অস্তিত্ব নিঃশেষ কৰিবলৈ বিচৰা এনে বিধেয়ক মানি লোৱা নহ’ব বুলি কয়।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি তথা সমিতিখনৰ সমন্বয়ক প্ৰমোদ বড়োই আগবঢ়া জনগোষ্ঠী সকলৰ জনজাতিকৰণৰ কোনো সাংবিধানিক যুক্তিযুক্ততা নাই বুলি উল্লেখ কৰি চৰকাৰে ভাতৃঘাতী সংঘাতৰ পৰিবেশ ৰচনা কৰিব বিচাৰিছে বুলি দোহাৰে। ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ পৰিৱৰ্তে অধিক সা-সুবিধা প্ৰদান কৰি উন্নত কৰাৰ বাবেহে চৰকাৰক প্ৰচেষ্টা ল’বলৈ আহ্বান জনায়।

সংবাদমেলখনত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে জনজাতিকৰণ বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন অব্যাহত থাকিব বুলি কয়।