ঐতিহাসিক আঠখেলীয়া নামঘৰৰ সংকট মোচনৰ বাবে সংবাদমেল
গোলাঘাটৰ ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আভ্যন্তৰীণ সংঘাত মোচনৰ বাবে অনুষ্ঠিত হ’ল এক সংবাদমেল ।
জানিব পৰা মতে নামঘৰ পৰিচালনা সমিতিৰ দুটা পক্ষৰ মাজত হোৱা তীব্ৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাত সকলো সমস্যা অন্ত পেলাবলৈ এই সংবাদমেলৰ আয়োজন কৰে।
আঠখেলীয়া নামঘৰৰ অতিথি শালাত আয়োজন কৰা এই সংবাদমেলত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে সংবাদ মেলৰ যোগেদি এইকথা স্পষ্ট হ’ল যে ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান আঠখেলীয়া নামঘৰত মূলতে ক্ষমতা লিস্পাৰ বাবেই এই সংঘাতৰ আৰম্ভ হৈছিল।
যিহেতু সংবাদ মেলখনত পৰিচালনা সমিতিৰ কাৰ্যকাল আৰু বিষয়বাবক লৈ দুটা পক্ষৰ মাজত অভিযোগ প্ৰতিঅভিযোগৰ আঙুলি তোলাও দেখা যায়। ।
সংবাদমেলত কৰ্ণধাৰ সমিতিয়ে বৰ্তমান সমিতিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ কৰাৰ লগতে সংবিধান উলংঘা কৰাৰ অভিযোগ আনিছে।
কৰ্ণধাৰ সমিতিয়ে দায়িত্ব লোৱাৰ পিছত বৰ্তমান পৰিচালনা সমিতিয়ে নথি-পত্ৰ কাৰ্যালয়ৰ, চাবি- চমজাই নিদিয়াৰ লগতে বৰ্তমান চাৰিজন বিষয়ববীয়াক বাদ দি বৰ বাৰিক, বাৰিক সকলো একত্ৰিত হৈছে।
সমগ্ৰ বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্তক বিষয়টো মীমাংসা কৰি দিবলৈ সংবাদমেলত দাবী জনায়।
ইফালে আঠখেলীয়া নামঘৰৰ সকলো ধৰণৰ গোচৰ দুই পক্ষই উঠাই লোৱা বুলি সংবাদমেলত উল্লেখ কৰে।