যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে টীয়ক চিকেবি মহাবিদ্যালয়ত পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সময়ত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই এক সংবাদ মেল আয়োজন কৰি স্থিতি স্পষ্ট কৰে।
জনিব পৰা মতে মহাবিদ্যালয়ৰ নিয়মীয়া বিষয়ৰ সমান্তৰালকৈ উদ্যান শস্য বিষয়টো ছাত্ৰ-ছাত্ৰীক জাপি দিয়া বুলি অভিযোগ তুলি টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্র সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
উল্লেখযোগ্য যে মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতে সহায়ক হোৱাকৈ কেতবোৰ বৃত্তিমূলক শিক্ষা প্ৰৱৰ্তন কৰিছিল ২০১৯ বৰ্ষৰ পৰা ।
মহাবিদ্যালয়ত নাম ভৰ্তিৰ সময়ত ছাত্র-ছাত্ৰী সকলক প্ৰদান কৰা মহাবিদ্যালয় খনৰ পৰিচয় পত্ৰিকাত এই বিষয়ে উল্লেখো কৰা আছে ।
কিন্তু চলিত বৰ্ষৰ পঞ্চম ষম্নাসিকৰ ছাত্র-ছাত্ৰী সকলৰ একাংশই এই বিষয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰাত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে ছাত্র সমাজৰ মাজত সৃষ্টি হয় সংঘাতৰ ।
এই সংঘাতৰ পৰিণতিত ছাত্র সকলে ২৫ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । অভিযোগ মতে ছাত্র সমাজে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে কেতবোৰ অশোভনীয় মন্তব্য প্ৰদান কৰিছিল ।
কিন্তু প্ৰশাসনৰ হস্তক্ষেপত ছাত্র সমাজৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰে হোৱা আলোচনামৰ্মে এই সমস্যাৰ সমাধান হয় আৰু পূৰ্ব নিৰ্ধাৰিত এক হাজাৰ টকাৰ পৰিবৰ্তে তিনিশ টকা মাচুল বৃত্তিমূলক শিক্ষাৰ পাঠৰ বাবে ব্যয় কৰিবলৈ সক্ষম হয় ।
উক্ত আলোচনাত ছাত্ৰ সমাজে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে ইতিমধ্যে গৰিষ্ঠসংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে টীয়ক চিকেবি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ।
মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী মঞ্চৰ আহ্বানত আয়োজিত এই সংবাদ মেলত মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্য, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ তত্বাৱধায়ক ড° বিনয়ব্ৰত ৰাজখোৱাকে ধৰি কেইবাগৰাকী অধ্যাপক উপস্থিত থাকে ।