কিদৰে যোগদান কৰিব পাৰিব ‘ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতা’ত?

আছে লক্ষাধিক টকাৰ পুৰস্কাৰ, প্ৰতিযোগিতা সন্দৰ্ভত বঙাইগাঁৱত সংবাদমেল

বঙাইগাঁও জিলাত ভাৰতৰ নিৰ্বাচন আয়োগৰ ‘ভোটাৰ সজাগতা প্ৰতিযোগিতা’ সন্দৰ্ভত জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ উপস্থিতিত নিৰ্বাচনী বিষয়া তথা সদৰ মহকুমাধিপতি মগেন নৰহে এখন সংবাদ মেল সম্বোধন কৰে ৷

বঙাইগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই সংবাদ মেলত নিৰ্বাচনী বিষয়াগৰাকীয়ে সাংবাদিকসকলক জনায় যে ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা এক ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভোটাৰ সজাগতা প্ৰতিযোগিতা’ শুভাৰম্ভ কৰিছে ৷ ‘এটা ভোটৰ শক্তি–মোৰ ভোট মোৰ ভৱিষ্যত’ শীৰ্ষক বিষয় লৈ দেশৰ ভোটাৰসকলক তেওঁলোকৰ সৃজনীমূলক প্ৰকাশৰ জৰিয়তে প্ৰতিটো ভোটৰ গুৰুত্ব পুনৰবাৰ দোহাৰাৰ উদ্দেশ্যে উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

দেশৰ জনসাধাৰণৰ মেধা আৰু সৃজনীমূলক প্ৰতিভাৰ বিকাশৰ লগতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে Systematic Voters’ Education and Electoral Partcipation Programme ৰ অধীনত এই ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলিও কয় । এই প্ৰতিযোগিতাত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব।

ইয়াৰ জৰিয়তে গণতন্ত্ৰত এটা ভোটৰ গুৰুত্ব সম্পৰ্কত বিভিন্নজনৰ ভাৱ বহুলোকৰ মাজত বিনিময় হ’ব। উক্ত প্ৰতিযোগিতা ৫ টা দিশত অনুষ্ঠিত হ’ব ৷ কুইজ প্ৰতিযোগিতা, শ্লোগান লিখা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, ভিডিঅ বনোৱা প্ৰতিযোগিতা আৰু পোষ্টাৰ ডিজাইন কৰা প্ৰতিযোগিতাসমূহত ৩ টা শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷ যিকোনো অনুষ্ঠান,সংস্থা যেনে-চৰকাৰী আইনৰ অধীনত পঞ্জীয়নভুক্ত স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰী বা লোক, পেছাদাৰী আৰু অপেছাদাৰী লোকসকলেও অংশগ্ৰহণ কৰিব পাৰিব।

সংগীত প্ৰতিযোগিতাত শিক্ষানুষ্ঠান বা আন অনুষ্ঠানৰ পৰা অংশগ্ৰহণকৰা লোকৰ বাবে প্ৰথম পুৰস্কাৰ ১ লাখ টকা, পেছাদাৰী লোকৰ বাবে প্ৰথম পুৰস্কাৰ ৫০ হেজাৰ টকা আৰু অপেছাদাৰী লোকৰ বাবে ২০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব। ভিডিঅ বনোৱা প্ৰতিযোগিতাত অনুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা লোকে ২ লাখ টকা, পেছাদাৰী লোকে ৫০ হেজাৰ টকা আৰু অপেছাদাৰী লোকে ৩০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব।

পোষ্টাৰ ডিজাইন কৰা প্ৰতিযোগিতাত অনুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা লোকে ৫০ হেজাৰ টকা, পেছাদাৰী লোকে ৩০ হেজাৰ টকা আৰু অপেছাদাৰী লোকে ২০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব। শ্লোগান লিখা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২০ হেজাৰ টকা লাভ কৰিব আৰু কুইজ প্ৰতিযোগিতাত বিজয়ীসকলে ভাৰতৰ নিৰ্বাচন আয়োগৰ বেজ আৰু আকৰ্ষণীয় উপহাৰ লাভ কৰিব।

উক্ত প্ৰতিযোগিতাসমূহত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা গঠিত জুৰি কমিটীয়ে বিচাৰক হিচাপে মূল্যায়ন কৰিব। উক্ত প্ৰতিযোগিতাসমূহৰ অংশগ্ৰহণকাৰীসকলে নিয়মাৱলী আৰু চৰ্তসমূহ ৱেবচাইট website https://ecisveep.nic.in/contest/.ত চাব পাৰিব।অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ বিষয়সমূহ আৰু প্ৰতিযোগিতাৰ শ্ৰেণী email id-voter-contest@eci.gov.in ত মেইল কৰিব লাগিব।আৰু কুইজত অংশগ্ৰহণ কৰিবলৈ নিজৰ নাম contest website ত পঞ্জীয়ন কৰিব লাগিব ৷

ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ১৫ মাৰ্চৰ ভিতৰত নিজৰ বিষয়সমূহ ই-মেইলযোগে দাখিল কৰিব লাগিব বুলিও নিৰ্বাচনী বিষয়া তথা সদৰ মহকুমাধিপতি মগেন নৰহে সংবাদমেলত অৱগত কৰে।