ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ কি কৰিব আৰু কি নকৰিব?

coronavirus

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ক’ৰ’না ভাইৰাছৰ আতংক বিশ্বৰ লগতে ভাৰততো আহি পোৱাত দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে ইয়াৰ পৰা হাত সাৰি থকাৰ বাবে কিছু পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিছে।

“হেল্প আছ তু হেল্প ইউ” শীৰ্ষক শিৰোনামেৰে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শসমূহ:

-হাত কেইখন সঘনে ধোৱক।

-সামাজিক দূৰত্ব বজাই চলক।

-চকু, মুখ, নাক চুই থকাৰ পৰা আঁতৰি থাকক।

-কাঁহিলে হাতৰ কিলাকুটি বা টিছু (ৰুমাল)ৰে মুখ আৰু নাক ঢাকি ৰাখক।-আপোনাৰ যদি জ্বৰ, কাঁহ আৰু উশাহ লোৱাত অসুবিধা হৈছে, শীঘ্ৰেই চিকিৎসা গ্ৰহণ কৰক।

-খবৰ ৰাখক আৰু স্বাস্থ্যসেৱা কৰ্মীয়ে দিয়া পৰামৰ্শ মানি চলক।

ভাৰত চৰকাৰে এটা ২৪ ঘণ্টীয়া হেল্পলাইন নম্বৰ +91-11-2397 8046 আৰু ই মেইলো ncov2019@gmail.com মুকলি কৰিছে।

কোনো লোকে ক’ৰ’নাভাইৰাছ সন্দৰ্ভত জৰুৰীভাৱে এই নম্বৰত যোগাযোগ কৰিব পাৰে।

তাৰোপৰি মুখা লগোৱাৰ ক্ষেত্ৰতো স্বাস্থ্য বিভাগে কিছু পৰামৰ্শ জাৰি কৰিছে:

-মুখাখন পিন্ধাৰ আগতে আপোনাৰ হাত এলক’হলযুক্ত হেণ্ড ক্লীনাৰ বা চাবোন বা পানীৰে ধুই লওক।

-আপোনাৰ নাক আৰু মুখ মাজত সুৰুঙা নথকাকৈ ঢাকি ৰাখক।

-সেমেকি যোৱাৰ লগে লগেই পুৰণি মুখা এৰি নতুন মুখা লওক।

-এবাৰ ব্যৱহাৰ কৰা মুখা নিপিন্ধিব।

-মুখাখন পিছফালৰ পৰা খুলিব আৰু আগফালে স্পৰ্শ নকৰিব।

-ব্যৱহাৰৰ পিছত মুখাখন বন্ধ ডাষ্টবিনত পেলাব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে সদৰী কৰা মতে চৰকাৰে দেশৰ ২১টা বিমান বন্দৰ, ১২টা নৌ বন্দৰ আৰু ৬৫টা ক্ষুদ্ৰ নৌ বন্দৰত যাত্ৰীসকলক নিৰীক্ষণ কৰি আছে।