NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধি: শিৱসাগৰত জ্বলিল মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি

September 14, 2018 10:35 pm · পাৰ্শ্বজ্যোতি গগৈ

পে’ট্ৰলজাত সামগ্ৰীৰ অভাৱনীয় দৈনন্দিন মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ বকতাৰ নঙলামৰা চাৰিআলিত মুখ্য মন্ত্ৰী সোণোৱাল আৰু কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ বকতা আঞ্চলিক সমিতিয়ে।

বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে সংগঠনটোৱে।

‘এনেদৰে যদি মূল্যবৃদ্ধি কৰি দুখীয়া, সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই থাকে তেন্তে অনাগত দিনত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে জংগী আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব,’ ঘোষণা আঞ্চলিকটোৰ সাধাৰণ সম্পাদক নিখিল বৰগোহাঁইৰ।

সংগঠনটোৰ অৰ্ধ শতাধিক সদস্য সমবেত হোৱা প্ৰতিবাদত পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি বিজয় কৃষ্ণ দুৱৰা, সহকাৰী সম্পাদক ভাস্কৰ নাথ আৰু বকতা আঞ্চলিকৰ সভাপতি কল্যাণজ্যোতি কোঁৱৰ আৰু উপ সভাপতি উত্তম গগৈ উপস্থিত আছিল।

Related News