দেশৰ খুচুৰা বজাৰত মূল্য বৃদ্ধি! মে’ মাহত মূল্য ২.৬১ শতাংশ বৃদ্ধি, আলু-পিঁয়াজ-মছলা দাম বৃদ্ধিৰ দৌৰত আগত

লোকসভা নিৰ্বাচনত বিজেপিৰ এজেণ্ডা আছিল মূলতঃ হিন্দুত্ববাদকেন্দ্ৰিক। কংগ্ৰেছকে ধৰি বিৰোধীৰ অস্ত্ৰ আছিল আকাশলংঘী বজাৰ মূল্য আৰু নিবনুৱা সমস্যা। কিন্তু লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে বৰ্তমান সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ মাজত অনুভৱ কৰা হৈছে। চৰকাৰী পৰিসংখ্যা অনুসৰি মে’ মাহত খুচুৰা বজাৰত সামগ্ৰীৰ মূল্য ২.৬১ শতাংশ বৃদ্ধি পাইছে। যিটো যোৱা ১৫ মাহত সৰ্বাধিক।

শুকুৰবাৰে কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মে’ মাহত পাইকাৰী মূল্য সূচকাংক ২.৬১ শতাংশ বৃদ্ধি পাইছে। মাহৰ পাছত মাহৰ ভিত্তিত এপ্ৰিল মাহত খুচুৰা বজাৰত মূল্যবৃদ্ধিৰ হাৰ আছিল ১.২৬ শতাংশ। ইয়াৰ লগে লগে চলিত বৰ্ষত একেৰাহে তিনিমাহ ধৰি সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থাকিল।

চৰকাৰী তথ্য অনুসৰি খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ, খাদ্য সামগ্ৰী, খাদ্য সামগ্ৰী উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদানৰ মূল্য বৃদ্ধিৰ ফলত খুচুৰা বজাৰত প্ৰভাৱ পৰিছে। মে’ মাহত খাদ্যৰ মূল্য ৯.৮২ শতাংশ বৃদ্ধি পাইছে। এপ্ৰিল মাহত এই বৃদ্ধি আছিল ৭.৭৪ শতাংশ আছিল। মে’ মাহত শাক-পাচলি-শস্যৰ মূল্য ৩২.৪২ শতাংশ বৃদ্ধি পাইছে। এপ্ৰিল মাহত ইয়াৰ পৰিমাণ আছিল ২৩.৬০ শতাংশ।

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি পিঁয়াজৰ দামো যথেষ্ট বৃদ্ধি পাইছে। মে’ মাহত পিঁয়াজৰ মূল্য ৫৮.০৫ শতাংশ, আলুৰ ৬৪.০৫ শতাংশ আৰু মছলাৰ মূল্য ২১.৯৫ শতাংশ বৃদ্ধি পাইছে।