বিধানসভাৰ পবিত্ৰ সদনতে মিছা মাতিলে শিক্ষা মন্ত্ৰীয়ে,অভিযোগ টে’ট শিক্ষকৰ

t-8-1140x570-1024x512

প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো

চলিত বিধানসভাৰ অধিৱেশনৰ ২৯ জুলাইৰ দিনটোত খোদ শিক্ষা মন্ত্ৰীয়ে সদনত ভুল তথ্যৰে বিভ্ৰান্তি সৃষ্টি কৰা বুলি অভিযোগ কৰিছে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে কয় যে অসম বিধানসভাৰ অধিৱেশনৰ ২৯ জুলাইৰ কাৰ্য্যক্ৰমণিকাৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যৰ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সদনত ভুল তথ্যৰে উত্তৰ দিয়ে।

টে’ট শিক্ষক সমাজৰ অভিযোগ, উত্তৰ হিচাপে শিক্ষা মন্ত্ৰীয়ে সদনক জনায় যে যোৱা ২৭ জুনত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সৈতে শিক্ষা মন্ত্ৰীৰ সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাৰ মাইন্যুটছ মতে সকলো নিষ্পত্তি হৈছে আৰু ২৭ জুনৰ আলোচনা সফল হৈছিল।

শিক্ষা মন্ত্ৰীয়ে লগতে ২৯ জুনত টে’ট শিক্ষকে লোৱা ‘দিচপুৰ চলো’ কাৰ্যসূচী অযুক্তিকৰ আছিল বুলি মন্তব্য কৰে।

ইপিনে, টে’ট শিক্ষক সমাজে ২৭ জুনত শিক্ষা মন্ত্ৰীৰ সৈতে কোনো আনুষ্ঠানিক সভা অনুষ্ঠিত হোৱা নাছিল বুলি স্পষ্ট কৰি দিছে।

সেইদিনা তৃতীয় পক্ষৰ হস্তক্ষেপত টে’ট শিক্ষক সমাজৰ বহিস্কৃত সভাপতি পদ্মলোচন দলে আৰু সমাজৰ এক প্ৰতিনিধি দল এক অনানুষ্ঠানিক আলোচনালৈ গৈছিল বুলিহে বিবৃতিটোত কোৱা হৈছে।

উক্ত আলোচনাত মূল বিষয়ক আওকাণ কৰা বাবে আলোচনা সম্পূৰ্ণ বিফল হৈছিল আৰু সেই বিষয়ে টে’ট শিক্ষক সমাজৰ ফালৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজহুৱা কৰা হৈছিল।

সেই আলোচনা ব্যৰ্থ হোৱাৰ বাবেই ২৯ জুনত ৰাজ্যখনৰ হাজাৰ হাজাৰ টে’ট শিক্ষক গুৱাহাটীত সমৱেত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

২৭ জুনৰ অনানুষ্ঠানিক সভাত টে’ট শিক্ষকৰ মূল আৰু একমাত্ৰ দাবী বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ বিষয়টো সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।

শিক্ষা মন্ত্ৰীয়ে নিজৰ ফালৰ পৰা একপক্ষীয়ভাৱে ৫টা বিষয় সংলগ্ন কৰি এখন মাইন্যুটছ প্ৰস্তুত কৰি টে’ট শিক্ষকসকলৰ মূল সমস্যাটোক আওকাণ কৰে। ইয়াত শিক্ষা মন্ত্ৰীয়ে ঠিকাভিত্তিক টে’ট শিক্ষকসকলক নিয়মীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ‘ইন চাৰ্ভিছ’ শিক্ষক হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰে।

উক্ত নিয়ম অনুযায়ী ঠিকাভিত্তিক টে’ট শিক্ষকসকল কৰ্মৰত হৈ থকাৰ পাছতো খালী পদৰ বিপৰীতে হোৱা বিজ্ঞাপনতহে আবেদন কৰিব পাৰিব। অৰ্থাৎ নিয়মীয়াকৰণৰ সলনি নতুন নিযুক্তিৰ বিজ্ঞাপনত আবেদনৰহে সুযোগ দিয়া হ’ব।

আনহাতে, শিক্ষা মন্ত্ৰীয়ে সদনত দেখুওৱা মাইন্যুটছত লিখা হৈছে যে বিজ্ঞাপনত আবেদনৰ ক্ষেত্ৰত ঠিকাভিত্তিক টে’ট শিক্ষকসকলক বয়সৰ উৰ্দ্ধসীমা তথা টে’ট চাৰ্টিফিকেটৰ ম্যাদৰ কথা প্ৰযোজ্য নহ’ব।

আবেদনকাৰী শিক্ষকসকলে নতুন নিযুক্তি ল’ব পাৰিব যদিও হাজাৰ হাজাৰ আবেদনকাৰীৰ ভিতৰত  ঠিকাভিত্তিক টে’ট শিক্ষকসকলে নিযুক্তি লাভ কৰাৰ কোনো নিশ্চয়তা নাই।

আনহাতে, বেতন সুৰক্ষাৰ ক্ষেত্ৰতো ইয়াত শিক্ষা মন্ত্ৰীয়ে কোনো কথা স্পষ্টকৈ উল্লেখ কৰা নাই।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে বিবৃতিটোৰ জৰিয়তে স্পষ্ট কৰি দিছে যে শিক্ষা মন্ত্ৰীয়ে একপক্ষীয়ভাৱে প্ৰস্তুত কৰা মাইন্যুটছখন টে’ট শিক্ষক সমাজে কেতিয়াও গ্ৰহণ নকৰে।

তেওঁলোকে লগতে কয় যে ২৯ জুনত গুৱাহাটীৰ খানাপাৰাত উপস্থিত থকা প্ৰায় ২২০০০ শিক্ষকৰ গণতান্ত্ৰিক দৃষ্টিভংগী সদনত অপমান কৰাটো শিক্ষা মন্ত্ৰীৰ ডাঙৰ ভুল আৰু ইয়াৰ বাবে শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে।

ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত টে’ট শিক্ষকসকলে নিৰ্বাচনী দায়িত্ব, এন আৰ চি, গুণোৎসৱ আদিকে ধৰি চৰকাৰী সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ লগতে সকলো বৃত্তিগত অৰ্হতা আৰু ৭ বছৰতকৈয়ো অধিক অভিজ্ঞতা আহৰণ কৰাৰ পাছতো টে’ট শিক্ষকসকলৰ নিয়মীয়াকৰণ নকৰাটো পৰিতাপৰ বিষয়।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষা মন্ত্ৰীক শিক্ষকক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায়।

তেওঁলোকে স্পষ্ট কৰি দিয়ে যে যদিহে শিক্ষা মন্ত্ৰীয়ে টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেনেহ’লে অতি শীঘ্ৰে ভয়ংকৰ ৰূপত ৰাজ্যৰ ৪১ হাজাৰ টে’ট শিক্ষকে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

প্ৰয়োজনত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ দাবীত ৰাজধানী নতুন দিল্লীৰ ৰাজপথ কঁপাবলৈ সাজু বুলিও বিবৃতিটোৰ জৰিয়তে সদৰী কৰে।