• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিটো শিক্ষাখণ্ডত অৱস্থান ধৰ্মঘট প্ৰাথমিক টে’ট শিক্ষকৰ; চাকৰি নিয়মীয়া নকৰাকৈ আকৌ টে’ট পতাটো মানি নলয়

শিক্ষা মন্ত্ৰীয়ে শিক্ষক সমাজৰ মাজত বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 13, 2019 9:18 pm
Primary TET teachers protest

প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদ। ১৩ ছেপ্টেম্বৰত।

1.8k
VIEWS
Share on FacebookShare on Twitter

৪১,০০০ টে’ট শিক্ষকৰ চাকৰি নিশ্চিত বেতনৰ সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবীত আন্দোলন কৰি অহা ৰাজ্যৰ প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকসকল আজি পুনৰ আন্দোলনত বহে।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বনত টে’ট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে মুঠ ১৮৩টা কেন্দ্ৰত অৱস্থান ধৰ্মঘটত বহে।

এটা বিবৃতিত  সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে কয় যে বৰ্তমানৰ টে’ট শিক্ষসকলৰ চাকৰি নিয়মীয়া নকৰাকৈ আকৌ পাতিবলৈ লোৱা টে’ট পৰীক্ষা মানি নলয়।

শিক্ষা মন্ত্ৰীয়ে শিক্ষকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰা বুলিও অভিযোগ আনে সমাজে।

যোৱা ২৯ জুনত গুৱাহাটীৰ খানাপাৰাত প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকসকল একত্ৰিত হৈ “দিচপুৰ চলো” কাৰ্য্যসূচীৰ জৰিয়তে শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষাসহ বিনাচৰ্তে নিয়মীয়াকৰণৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰিছিল, বিবৃতিটোত জনায়।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি আৰু সম্পাদক স্বাক্ষৰিত বিবৃতিটোত আৰু কোৱা হয়- “কিন্তু শিক্ষা মন্ত্ৰীয়ে আন্দোলনকাৰী শিক্ষকসকলক আলোচনালৈ নামাতি কেৱল ২০১২ চনৰ টে’ট শিক্ষকৰ কেইজনমান প্ৰতিনিধিক লৈ আলোচনা কৰে আৰু এখন মাইনুটছ প্ৰকাশ কৰে। কিন্তু মাইনুটছখনত টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোৱেই স্থান নাপালে। ফলত পুনৰ শিক্ষকসকল আন্দোলনৰ পথলৈ আহিব লগীয়া হয়।”

আজি প্ৰায় ৩৭,০০০ টে’ট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীয়ে আন্দোলনত অংশগ্ৰহণ কৰে বুলি দাবী বিবৃতিটোৰ।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক আন্দোলনৰত টে’ট শিক্ষক মসাজক শীঘ্ৰেই আলোচনাৰ বাবে মাতিবলৈ দাবী জনায়।

অন্যথা অধিক কঠোৰ আন্দোলন হাতত ল’ব, যাৰ ভিতৰত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধৰ দৰে কাৰ্য্যসূচী থাকিব, বিবৃতিটোত উল্লেখ কৰা হয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd